Covid-19ভাৰতস্বাস্থ্য

আজিৰ পৰা আৰম্ভ কভিডৰ বুষ্টাৰ পালি! কোনে পাব তৃতীয় পালি, কেনেদৰে কৰিব পঞ্জীয়ন?

দেশত ধুমুহাৰ গতিত বৃদ্ধি পাইছে ক'ৰোনাৰ অমিক্ৰন ভেৰিয়ান্ট। এনে পৰিস্থিতিত, কোভিডৰ বুষ্টাৰ পালিয়ে দেশখনক কৰোনাৰ ভয়াবহতাৰ পৰা ৰক্ষা কৰিবলৈ এক ঢাল হিচাপে কাম দিব

দেশত ধুমুহাৰ গতিত বৃদ্ধি পাইছে ক’ৰোনাৰ অমিক্ৰন ভেৰিয়ান্ট।

এনে পৰিস্থিতিত, কোভিডৰ বুষ্টাৰ পালিয়ে দেশখনক কৰোনাৰ ভয়াবহতাৰ পৰা ৰক্ষা কৰিবলৈ এক ঢাল হিচাপে কাম দিব।

ইতেমধ্য়েই, কোভিড১৯ ভেকছিনৰ বুষ্টাৰ পালি শনিবাৰে আবেলিৰ পৰা CoWIN পৰ্টেলত পঞ্জীয়ন আৰম্ভ হৈছে। বুষ্টাৰ পালি দিয়াৰ কাম ১০ জানুৱাৰী আজিৰ পৰা আৰম্ভ হৈছে।

এই বুষ্টাৰ পালি স্বাস্থ্য কৰ্মী, ফ্ৰণ্টলাইন কৰ্মী আৰু ষাঠি বছৰৰ উৰ্ধৰ লোকক দিয়া হব। উল্লেখ্য় যে যিসমূহ লোকৰ দ্বিতীয় পালি লোৱা ৯ মাহ সম্পূৰ্ণ হৈছে তেওঁলোককহে দিয়া হব এই বুষ্টাৰ পালি।

আনহাতে, যিসকলে এতিয়া কৰোনাত ভুগি আছে তেওঁলোকে আৰোগ্য হোৱাৰ ৩ মাহ পিছলৈ এই বুষ্টাৰ পালি নাপাব। লগতে সকলো চৰকাৰী টিকাকৰণ কেন্দ্ৰৰ পৰা এই পালি টিকাকৰণ বিনামূলীয়া ভাৱে উপলব্ধ হ’ব।

মনকৰিবলগীয়া যে, এই বুষ্টাৰ পালিৰ বাবে পঞ্জীয়ন কৰিবলৈ আপুনি http://cowin.gov.in ৱেবছাইট বা কোউইন এপৰ পৰা কৰিব পাৰিব। কৰোনাৰ বাকী দুটা পালি গ্ৰহণ কৰা সকলক এই টিকাকৰণ কৰা হ’ব। অৰ্থাৎ, যিসকলে কোভিডৰ কোভেক্সিন ভেকছিন প্ৰাপ্ত কৰিছে তেওঁলোকক একেই প্ৰদান কৰা হ’ব। আনহাতে, যিসকলে কভিশ্বিল্ড প্ৰাপ্ত কৰিছে তেওঁলোকক কভিশ্বিল্ডৰ বুষ্টাৰ পালি প্ৰদান কৰা হ’ব।

৬০ বছৰ বা তাতকৈ অধিক বয়সৰ লোকৰ বুষ্টাৰ পালি গ্ৰহণ কৰিবলৈ চিকিৎসকৰ কোনো প্ৰমাণপত্ৰৰ প্ৰয়োজন নাই। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে শেহতীয়াকৈ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চললৈ পত্ৰ প্ৰেৰণ কৰি কয় যে নিৰ্বাচনৰ দায়িত্বত থকা কৰ্মচাৰীসকলক FLW বিভাগত অন্তৰ্ভুক্ত কৰা হ’ব।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

fifteen + twenty =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.