অসমস্বাস্থ্য

অসমত জন্ম হ’ল ৫ কেজি ২০০ গ্ৰাম ওজনৰ এটি দেৱশিশুৰ!

এয়া এক বিৰল ঘটনা বুলি ব্যক্ত কৰিছে চিকিৎসকসকলে

এক বিৰল ঘটনা। ভাৰতৰ কোনো চিকিৎসালয়তে নোহোৱা এক বিৰল ঘটনা সংঘটিত হ’ল অসমৰ শিলচৰত।কিয়নো শিলচৰৰ অসামৰিক চিকিৎসালয়ত জন্ম হ’ল ৫ কেজি ২০০ গ্ৰাম ওজনৰ এটি দেৱশিশুৰ ৷ বৃহস্পতিবাৰে দুপৰীয়া শিলচৰ চহৰৰ কনকপুৰ অঞ্চলৰ বাসিন্দা জয়া দাস নামৰ এগৰাকী মহিলাই প্ৰসৱ কৰে এই শিশুৰ ৷

চিজাৰিয়ান পদ্ধতিৰে  শিলচৰৰ অসামৰিক চিকিৎসালয়ত  ডাঃ আফচৰ আলমৰ তত্ত্বাৱধানত জন্ম হৈছে এই কেঁচুৱাটিৰ ৷ ডাঃ আফচাৰ আলমে কয় যে, “অসমত জন্ম হোৱা শিশুৰ সাধাৰণতে গড় ওজন থাকে ২.৫ পৰা ৩ কেজি ৷ কেতিয়াবা কেতিয়াবা ৪ কেজি ওজনৰ শিশুৰ জন্ম হয় যদিও ৫ কেজি ২০০ গ্ৰাম ওজনৰ শিশু জন্ম হোৱাটো অস্বাভাৱিক”।

তেওঁ পুনৰ কয় যে, সাধাৰণতে প্ৰসূতিগৰাকী ডায়বেটিছ ৰোগী হ’লে সন্তানৰ ওজন বেছি হয়, কিন্ত এই ক্ষেত্ৰত দেখা গৈছে যে, মাতৃ জয়া দাস ডায়বেটিছ ৰোগী নহয় ৷ বৰ্তমান মাতৃ আৰু শিশু দুয়োজন সম্পূৰ্ণ সুস্থ বুলি জনায় চিকিৎসকে৷

জয়া দাসৰ অপাৰেচনৰ সময়ত থকা ডাঃ ৰজত দেৱে কয় যে, “২০ বছৰৰ কৰ্ম জীৱনত ইমান বেছি ওজনৰ শিশু ভূমিষ্ঠ হোৱা মই দেখা নাই”৷ সমগ্ৰ ভাৰতবৰ্ষতে ই এক বিৰল ঘটনা বুলি ব্যক্ত কৰিছে চিকিৎসক সকলে ৷

উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বে ২০১২ চনত মহাৰাষ্ট্ৰত জন্ম হৈছিল ৫ কেজি ওজনৰ এটি শিশুৰ। কিন্তু ৫ কেজি ২০০ গ্ৰাম ওজনৰ শিশু জন্ম হোৱাটো সঁচায়ে এক বিৰল  ঘটনা।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

17 − eight =

Back to top button