অসম

ফেচবুক পোষ্টত সহায় বিচাৰিছে জুবিনে। কিন্তু কাৰ বাবে?

কৰ্কট ৰোগেৰে যুঁজি থকা অসীমৰ বাবে জুবিনে বিচাৰিছে সহায়।

জুবিন গাৰ্গৰ এটা আৱেগিক ফেচবুক পোষ্ট। অসমবাসীৰ সহায়ৰ হাত বিচাৰিছে জুবিনে। কৰ্কট ৰোগেৰে যুঁজি থকা অসীমৰ বাবে জুবিনে বিচাৰিছে সহায়।

ফেচবুক পোষ্টত জুবিনে লিখিছে-
‘মই আজি এটা কৰুণ কাহিনী আপোনালোকক ক’বলৈ ওলাইছো ৷ অসীম আৰু নিলাক্ষীৰ বিয়া ১২ বছৰৰ আগতে হৈছিল ৷ দুয়োৰে ভাল লগাত অতি কম বয়সতে বিয়া পাতিলে ৷ তেওঁলোকৰ ৯ বছৰীয়া এটা ল’ৰাও আছে ৷ কিন্তু দুৰ্ভাগ্যৰ কথা যে আজি প্ৰায় দুবছৰৰ আগতে অসীমৰ গাত কেঞ্চাৰে দেখা দিলে ৷ অসীম ঠিকাভিত্তিক কৰ্মচাৰী আছিল কিন্তু তেওঁ নিজৰ আৰু পৰিয়ালৰ নিৰাপত্তাৰ বাবে insurance নিকিনিলে ৷ জমা পইছাও তেনেকৈ নাছিল ৷ নিজৰ শিৰৰ সেন্দুৰ আৰু অকনমান ল’ৰাটোক মাউৰা হোৱাৰ পৰা বচাবলৈ নিজৰ বিয়াৰ গহনা, ঘৰুৱা সম্পত্তি আদি বিক্ৰী কৰি নিলাক্ষীয়ে অসীমক মুম্বাইৰ টাটা কেঞ্চাৰ হস্পিতাললৈ লৈ যায় ৷ তাতে বহুত শুভাকাঙ্ক্ষী, সম্পৰ্কীয়, আৰু বন্ধু বান্ধৱৰ সহায় বৰঙণিৰে অসীমক দহটা কিমোথেৰাপী দিলে ৷ যোৱা মাৰ্চ মাহৰ পৰা ডিচেম্বৰলৈকে তেওঁলোক মুম্বাইত আছিল ৷ কিন্তু ডাক্টৰৰ মতে তেওঁক আৰু চিকিৎসাৰ প্ৰয়োজন ৷ গতিকে অহা জানুৱাৰীৰ ২৩ তাৰিখৰ পৰা নতুন চিকিৎসা আৰম্ভ হ’ব ৷ নিলাক্ষীৰ একো চাকৰি নাই ৷ এতিয়া এই দুৰ্দশাগ্ৰস্ত পৰিয়ালটোক এক কৰুণ পৰিণতিৰ পৰা অকল আপোনালোকে বচাব পাৰে ৷ ময়ো তেওঁলোকক যিমান পাৰোঁ সহায় কৰিলোঁ ৷ আপোনালোক অনুৰোধ কৰিছো আপোনালোকে যিয়ে যি পাৰে অসীমৰ একাউণ্টত জমা দি পৰিয়ালটোক বচাওক ৷’
তলত তেওঁৰ সম্পূৰ্ণ বেংক একাউন্টৰ তথ্য দিয়া আছে।
Name- Ashim Sarma
Account No- 34804103772
IFSC- SBIN0011527
Branch- Nalbari Bazar Branch
Google pay- 9706778207
Contact number- 6000485820
এতিয়া অসীম আৰু নিলাক্ষীক প্ৰয়োজন আপোনাৰ সহায়ৰ। আপোনাৰ অকণমান সহায়ে জীৱন ৰক্ষা কৰিব পাৰে অসীমৰ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

six + four =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.