অৰ্থনৈতিকঅসমদিল্লীভাৰত

সৰ্বসাধাৰণৰ মূৰত মাধমাৰ! পুনৰ বৃদ্ধি পালে ৰন্ধন গেছৰ দাম

 ১ জুলাইৰ পৰা বৃদ্ধি পালে চিলিণ্ডাৰৰ দাম

সৰ্বসাধাৰণ ৰাইজৰ মূৰত মাধমাৰ। পুনৰ বৃদ্ধি পালে ৰন্ধন গেছৰ দাম।

১ জুলাইৰ পৰা বৃদ্ধি পালে ৰন্ধন গেছৰ ঘৰুৱা চিলিণ্ডাৰৰ লগতে বাণিজ্যিক চিলিণ্ডাৰৰো দাম।

চৰকাৰী তেল কোম্পানীবোৰে ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম ২৫ টকা বৃদ্ধি হোৱাৰ বিপৰীতে বাণিজ্যিক চিলিণ্ডাৰৰ দাম বৃদ্ধি হৈছে ৭৬ টকালৈ।

চলিত বছৰৰ জানুৱাৰী মাহত দিল্লীত ১৪.২ কেজিৰ ৰাজসাহায্যবিহীন ৰন্ধন গেছৰ ঘৰুৱা চিলিণ্ডাৰৰ দাম আছিল ৬৯৪টকা আৰু ১ফেব্ৰুৱাৰীত এই দাম ৭১৯ টকালৈ বৃদ্ধি পাই। ইয়াৰ পাছতে ১৫ ফেব্ৰুৱাৰীত ৭৬৯ টকালৈ বৃদ্ধি পায় ৰন্ধন গেছৰ ঘৰুৱা চিলিণ্ডাৰৰ দাম। তাৰ পাছত ২৫ ফেব্ৰুৱাৰীত দাম ৭৯৪টকালৈ বৃদ্ধি হয়। সেইদৰে মাৰ্চত দিল্লীত ৮১৯ টকালৈ বৃদ্ধি পায় ঘৰুৱা চিলিণ্ডাৰৰ দাম। বৰ্তমান দিল্লীত ১৪.২ কেজিৰ ৰাজসাহায্যবিহীন ৰন্ধন গেছৰ ঘৰুৱা চিলিণ্ডাৰৰ দাম বৃদ্ধি হৈছেগৈ ৮৩৪.৫০টকা।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

two × five =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.