শ্ৰেণীবিহীন

সভ্য সমাজক লজ্জানত কৰি ডাইনী সন্দেহত পুনৰ হত্যা

বাক্সাৰ ডুমুনীত চাঞ্চল্যকৰ হত্যাকাণ্ড

বাক্সাৰ ডুমুনীত চাঞ্চল্যকৰ হত্যাকাণ্ড৷

সভ্য সমাজক লজ্জানত কৰি ডাইনী সন্দেহত একেটা পৰিয়ালৰ দুজনক হত্যা৷

ডুমুনীৰ সংঘটিত হয় এই চাঞ্চল্যকৰ হত্যাকাণ্ডটো৷ ডাইনী সন্দেহত পতি-পত্নী ক্ৰমে শুক্ৰা কছুৱা আৰু বালামদিনা তীৰ্কিক হানি খুচি হত্যা৷ সুৰয এক্কা নামৰ এজন লোকে সংঘটিত কৰে এই হত্যাকাণ্ড৷

জানিব পৰা মতে, সুৰয এক্কা নামৰ লোকজনৰ পৰিয়ালত বহুদিন ধৰি কিছুমান অদ্ভূত ঘটনা সংঘটিত হৈ আহিছিল৷ সুৰয এক্কাই ডুমুনীৰ দুই বৃদ্ধ দম্পতি শুক্ৰা কছুৱা আৰু বালামদিনা তীৰ্কিয়ে পৰিয়ালটোক তন্ত্ৰ- মন্ত্ৰ কৰা বুলি সন্দেহ কৰি ভয় ভাবুকি দি থকাৰ সময়তে আজি দুপৰীয়া শুক্ৰা কছুৱাৰ ঘৰত প্ৰৱেশ কৰি দুই পতি- পত্নীক চোকা অস্ত্ৰৰে আক্ৰমন কৰে৷ ফলত দুয়োগৰাকী থিতাতে নিহত হয়৷

নিহত দম্পতিহালৰ জীয়ৰী গৰাকীয়ে জানিব দিয়া মতে ডাইনী সন্দেহতে তেওঁৰ পিতৃ- মাতৃক সুৰয এক্কাই হত্যা কৰিছে৷ ঘটনাস্থলীত ডুমুনী আৰক্ষী উপস্থিত হৈ মৃতদেহ দুটা থানালৈ অনাৰ লগতে হত্যাকাৰী সুৰয এক্কাক গ্ৰেপ্তাৰ কৰে৷ ইফালে তথ্য প্ৰযুক্তিৰ এই ডিজিটেল যুগতো সভ্য সমাজক লজ্জানত কৰা হত্যাকাণ্ডই সমগ্ৰ অঞ্চলটোতে চাঞ্চল্যৰ সৃষ্টি কৰিছে৷

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

4 × five =

Back to top button