Assamঅসমজন্তুদৈনিক বাতৰি

বিলাসীপাৰাত অব্যাহত অবাধ গো-সৰবৰাহ, নদীপথৰে বাংলাদেশলৈ সৰবৰাহ শ শ গৰু, ম’হ

বিলাসীপাৰাত অব্যাহত অবাধ গো-সৰবৰাহ, নদীপথৰে বাংলাদেশলৈ সৰবৰাহ শ শ গৰু, ম’হ

বিলাসীপাৰাত অব্যাহত অবাধ গো-সৰবৰাহ

নদীপথৰে বাংলাদেশলৈ সৰবৰাহ শ শ গৰু, ম’হ

গঢ়ি উঠিছে গৰু-ম’হ, চাউলৰ বৃহৎ ছিণ্ডিকেট

সকলো দেখিও নীৰৱ-নিৰ্বিকাৰ আৰক্ষী-প্ৰশাসন

বিলাসীপাৰা মহকুমাৰ শালকোচা আৰক্ষী চকীৰ অন্তৰ্গত চোৰাং ব্যৱসায়ীয়ে দিনে নিশাই চলাই গৈছে চোৰাং গৰু আৰু ম’হৰ ৰমৰমীয়া বেহা। নিতৌ যন্ত্ৰচালিত নাওঁৰে ব্ৰহ্মপুত্ৰ নদীৰে চোৰাং গৰু,ম’হ আৰু বগা চাউল চুবুৰীয়া ৰাজ্য বাংলাদেশ আৰু মেঘালয় লৈ সৰবৰাহ কৰাৰ ভয়ংকৰ দৃশ্য। মহকুমাখনৰ সোনামুখী, দুধনাথ ,চান্দৰডিঙা, ছুৱাপাতা প্ৰথম খণ্ড আৰু দ্বিতীয় খণ্ড গাঁৱত চোৰাংকৈ গৰু,ম’হ, আৰু বগা চাউল নাওঁৰে সৰবৰাহ কৰি ৰমৰমীয়া বেহা চলাই গৈছে একাংশ দুষ্ট চক্ৰয়। এক প্ৰকাৰ চোৰাং ব্যৱসায় বন্ধ কৰাত ব্যৰ্থ হৈ পৰিছে প্ৰশাসন। বিলাসীপাৰা মহকুমা তথা ধুবুৰী জিলা প্ৰশাসন ছিণ্ডিকেট বাহিনীৰ লগত জড়িত থকাৰ অভিযোগ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ। এই ক্ষেত্ৰত অসমৰ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিংহক হস্তক্ষেপৰ দাবী জনাইছে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

six + sixteen =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.