অসমআঞ্চলিকদৈনিক বাতৰিধৰ্মীয়

বিশ্ব খনিকৰৰ বন্দনাৰে মুখৰিত ৰাজ্য

ভগৱান বিশ্বকৰ্মাই সকলোকে আশীৰ্বাদেৰে  ওপচাই পেলাওঁক, লগতে সকলোৰে কাম, ব্যৱসায়ৰ উন্নতি হওঁক।

আজি শ্ৰী শ্ৰী বিশ্বকৰ্মা পূজা। ক’ভিডৰ ভয়াৱহতাৰ মাজতে দেশজুৰি দেখা গৈছে উখল-মাখল পৰিৱেশ। ক’ভিড পৰিস্থিতিৰ বাবে বিগত প্ৰায় এটা বছৰ বিশ্বকৰ্মা পূজা পালন কৰিব পৰা নাছিল যদিও এইবাৰ সুকীয়া পৰিৱেশ। ক’ভিড প্ৰ’টকল মানি ৰাজ্যজুৰি চলোৱা হৈছে পূজা পালনৰ ব্যাপক প্ৰস্তুতি।

আজি বিশ্বখনিকৰৰ পূজা-অৰ্চনাৰে মুখৰিত হ’ব ৰাজ্য। আজিৰ দিনটোত বিশ্বকৰ্মা বাবক পূজা- অৰ্চনা কৰাৰ লগতে ইলেক্ট্ৰনিক সামগ্ৰী, যান-বাহন, যন্ত্ৰ-পাতি আদিতো পূজা-পাতল কৰা হয়।

ভগৱান বিশ্বকৰ্মা হৈছে বিশ্বৰ স্থপতিবিদ, আৰু প্ৰথম অভিযন্তা। তেওঁ ইন্দ্ৰপুৰী, দ্বাৰকানগৰী, সুদামাপুৰী, ইন্দ্ৰপ্ৰস্থ, হস্তিনাপুৰা, স্বৰ্গলোক, লংকানগৰী, পুষ্পক বিমান, শিৱৰ ত্ৰিশূল, যমৰাজৰ কলদণ্ড আৰু বিষ্ণুচক্ৰ আদিৰ স্ৰষ্টা। বিশ্বকৰ্মা পূজাৰ দিনা কাৰখানা, কাৰ্যালয়, উদ্যোগ আদিত ভগৱান বিশ্বকৰ্মাক পূজা কৰা হয়।

তেওঁৰ পূজা-অৰ্চনাৰে ব্যৱসায় আৰু সকলো কামৰ প্ৰগতি হয়। বিশ্বকৰ্মা পূজাৰ এই পৱিত্ৰ ক্ষণ উপলক্ষে আপোনাৰ বন্ধুবৰ্গ, সহকৰ্মী, পৰিয়ালৰ সদস্য, শুভাকাংক্ষীলৈ শুভেচ্ছা প্ৰেৰণ কৰিব লাগে। ভগৱান বিশ্বকৰ্মাই সকলোকে আশীৰ্বাদেৰে  ওপচাই পেলাওঁক, লগতে সকলোৰে কাম, ব্যৱসায়ৰ উন্নতি হওঁক।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

six + 11 =

Back to top button