দৈনিক বাতৰিভাৰত

আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ওপজা দিন, এইবাৰ কিদৰে উদযাপন কৰা হ’ব প্ৰধানমন্ত্ৰীৰ ওপজা দিন?

অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাইও প্ৰধানমন্ত্ৰীগৰাকীলৈ জনাইছে হাৰ্দিক শুভকামনা

৭১ বছৰত ভৰি দিলে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। প্ৰধানমন্ত্ৰীগৰাকীৰ ৭১ সংখ্যক জন্মদিন উদযাপন এইবাৰ সুকীয়া। ভাৰতীয় জনতা পাৰ্টীৰ কৰ্মীসকলে তেখেতৰ জন্মদিনক সুকীয়া মাত্ৰা প্ৰদানৰ বাবে চলাইছে ব্যাপক প্ৰস্তুতি।

আজিৰ পৰা আৰম্ভ কৰি ৭ অক্টোবৰলৈকে মোদীৰ জন্মদিন উপলক্ষ্যে আয়োজন কৰা হৈছে ‘সেৱা আৰু সমৰ্পণ অভিযান’।

২০০১ চনতে গুজৰাটৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিছিল প্ৰধানমন্ত্ৰীগৰাকীয়ে।

মোদীৰ জন্মদিনৰ দিনটোত সৰ্বাধিক লোকে যাতে ক’ভিড ভেকচিন গ্ৰহণৰ সুবিধা লাভ কৰে তাৰবাবেও ব্যৱস্থা গ্ৰহণ কৰিছে দলীয় কৰ্মীয়ে। ইয়াৰ বাবে দেশৰ বিভিন্ন ঠাইত নিয়োজিত কৰা হৈছে স্বেচ্ছাসেৱী।

ক’ভিড ভেকচিন অভিযানৰ লগতে দেশৰ ১৪০ মিলিয়ন লোকক ‘থেংক ইউ মোদীজী’ খোদিত চাউলৰ বেগ বিতৰণ কৰা হ’ব। ইয়াৰোপৰি বিজেপি বুথ কৰ্মীসকলৰ তৰফৰ পৰা মোদীলৈ প্ৰেৰণ কৰা হ’ব ৫ কোটি পোষ্টকাৰ্ড।

জন্মদিনৰ দিনটোত দেশৰ প্ৰধানমন্ত্ৰীগৰাকীক সকলোৱে শুভকামনাৰে উপচাই পেলাইছে। সকলোৱে প্ৰধানমন্ত্ৰীগৰাকীৰ দীৰ্ঘায়ু কামনাৰ শুভাশা জ্ঞাপন কৰিছে মোদীজীক। অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাইও প্ৰধানমন্ত্ৰীগৰাকীলৈ জনাইছে হাৰ্দিক শুভকামনা।

আমিও আশা কৰিছো দীৰ্ঘজীৱি হওঁক দেশৰ প্ৰধানমন্ত্ৰী। সুস্বাস্থ্যৱান হৈ প্ৰধানমন্ত্ৰীগৰাকীয়ে আগুৱাই নিয়ক দেশক উন্নতিৰ দিশে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

twenty − 10 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.