অসম-অৰুণাচল প্ৰদেশৰ পৰ্যটনত নৱ সংযোজন, মুখ্যমন্ত্ৰীয়ে মুকলি কৰিলে দুখন নতুন ৰে’ল
ফ্লেগ অফ কৰা অনুষ্ঠানটোত মুখ্যমন্ত্ৰীৰ লগতে উপস্থিত থাকে ৰাজ্যিক ৰে’লমন্ত্ৰী দৰ্শনা জাৰ্ড’ছ।
উত্তৰ-পূব সীমান্ত ৰে’লৱেত নৱ সংযোজন। যাত্ৰীৰ সুবিধাৰ্থে মুকলি হ’ল গুৱাহাটী-নাহৰলগুণ শতাব্দী এক্সপ্ৰেছ। লগতে নাহৰলগুণ-নিউ তিনিচুকীয়া ভিষ্টাড’ম এক্সপ্ৰেছ ৰে’লসেৱাৰো শুভাৰম্ভণি।
দেওবাৰে এই ৰে’লসেৱাৰ শুভাৰম্ভণি কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। ফ্লেগ অফ কৰা অনুষ্ঠানটোত মুখ্যমন্ত্ৰীৰ লগতে উপস্থিত থাকে ৰাজ্যিক ৰে’লমন্ত্ৰী দৰ্শনা জাৰ্ড’ছ। গুৱাহাটী ৰে’লৱে ষ্টেচনত আয়োজন কৰা এই মুকলি অনুষ্ঠানত ভাৰ্ছুৱেলি অংশগ্ৰহণ কৰে অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে। নতুনকৈ দুখন ৰে’লৰ মুকলি কৰাৰ লগতে পূৰ্বৰে পৰা গুৱাহাটীৰ পৰা হাফলঙলৈ চলা ভিষ্টাডম ৰে’লখন বদৰপুৰলৈকে চলাচল কৰিব।
To boost connectivity & tourism in Assam & ArunachaI Pradesh, I flagged off Guwahati-Naharlagun Shatabdi Express & Naharlagun-New Tinsukia Vistadome Express along with extending existing Vistadome services till Badarpur in presence of Hon Union MoS for Rlys Smt @DarshanaJardosh. pic.twitter.com/KKEQGutjvC
— Himanta Biswa Sarma (@himantabiswa) December 19, 2021
কনফাৰেন্সিঙৰ জৰিয়তে অংশগ্ৰহণ পেমা খাণ্ডুৰ। উল্লেখ্য যে, অসম আৰু অৰুণাচল প্ৰদেশৰ পৰ্যটনৰ ক্ষেত্ৰত সংযোগ বৃদ্ধি কৰাৰ বাবেই এই ভিষ্টাদম ৰে’লসেৱাৰ মুকলি কৰা হৈছে। এই ভিষ্টাড’ম ৰে’লসেৱাই যাত্ৰীসকলক যথেষ্ট উপকৃত কৰিব বুলি আশাবাদী অসম-অৰুণাচল চৰকাৰ।
