Social

‘পঢ়িবলৈ মন নাযায়, কেৱল খাবলৈহে মন যায়’! এটি কণমানিৰ ভাইৰেল ভিডিঅ

পঢ়া টেবুলত মাতৃৰ সৈতে কৰা এটি কণমানিৰ কথোপকথন বৰ্তমান ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত

সামাজিক মাধ্যমত সঘনাই বিভিন্নধৰণৰ ভিডিঅ’ ভাইৰেল হৈ থকা দেখিবলৈ পোৱা যায়। যিবোৰ শিশুসকলৰ সৈতে জড়িত কিছুমান ভিডিঅ’ দেখিবলৈ পোৱা যায়। কিছুমান ভিডিঅ’ই মানুহক হহুৱাই অথবা আমোদ দিয়ে যদিও কিছুমান ভিডিঅ’ই মানুহক আবেগিক কৰিও তোলে। আনহাতে কিছুমান ভিডিঅ’ই আকৌ মানুহক আচৰিত কৰিও তোলে। পিছে এনে ভাইৰেল ভিডিঅ’বোৰৰ ট্ৰেণ্ডিঙৰ সময়তে অন্য এক ভিডিঅ’ ধুমুহাৰ গতিত ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত। যি দেখি আৰু কণমাণিজনৰ কথাবোৰশুনি আপুনিও হাঁহি হাঁহি থৰ পৰি যাব।

শিশুসকল যথেষ্ট উৎপতীয়া স্বভাৱসুলভ হয়, কিয়নো সিঁহতক যিটো কৰিবলৈ মানা কৰা হয় সেয়া সিঁহতে বেছিকৈ কৰিবলৈ লয়। এই ভিডিঅ’টিতো ঠিক এনেকুৱাই এক দৃশ্য দেখিবলৈ পোৱা গৈছে। দৰাচলতে ভিডিঅ’টিত এটি কণমানিয়ে মাকক এনেদৰে কোৱা দেখিবলৈ পোৱা গৈছে যে, কণমানিটোৱে পঢ়িবলৈ মন নকৰে, কেৱল খাবলৈহে মন কৰে। তদুপৰি কণমানিটোৱে আৰু কিছুমান এনে কথা কৈছে যি শুনিবলৈ সচাঁয়ে হাস্যমধুৰ।

ভিডিঅ’টিত দেখিবলৈ পাব যে কণমানিজনে পঢ়িবলৈ টেবুলত বহিছে, কিন্তু ঠিকমতে পঢ়া নাই। সেইখিনি সময়তে মাকে তাক কিছু ধমকি দিয়ে। তেনে সময়তে কণমানিটোৱে কয় নামাৰিবা! তাৰ পিছতে মাকে পুনৰ প্ৰশ্ন কৰে–‘পঢ়িবলৈ মন নাযায় নেকি’? উত্তৰত শিশুটিয়ে কয়–‘নাই নাযায় মন’। তাৰ পাছত মাকে পুনৰ সুধিলে– ‘তেন্তে কি কৰিব মন’? উত্তৰত সি কয়–‘কেৱল খাবলৈহে মন যায় থাকে’। আকৌ মাকে সুধিলে– ‘তেতিয়াহ’লে পঢ়িব কোনে’? উত্তৰত সি কয়–‘মোৰ পাপাই পঢ়িব  আৰু তেৱেই উপাৰ্জন কৰিব’। পিছে ভাইৰেল হ’ল ভিডিঅ’। প্ৰতিক্ৰিয়া দিলে বিভিন্নজনে। মন্তব্যও কৰিলে হাস্যৰসকৰ। মুঠতে সামাজিক মাধ্যমত এতিয়া এই ভিডিঅ’টিয়ে মনোৰঞ্জনৰ খোৰাক দিছে সকলোকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

19 − twelve =

Back to top button