ৰাজনৈতিক

উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ দিন ঘোষণা, কোন হ’ব ভেংকাইয়া নাইডুৰ উত্তৰসূৰী?

বুধবাৰে নিৰ্বাচনী আয়োগে ঘোষণা কৰে নিৰ্বাচনৰ দিন। প্ৰয়োজন হ'লে নিৰ্বাচন অনুষ্ঠিত হোৱাৰ দিনাই হ'ব ভোটগণনা প্ৰক্ৰিয়া।

ঘোষণা কৰা হ’ল দেশৰ উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ দিন। ৬ আগষ্টত অনুষ্ঠিত হ’ব নিৰ্বাচন। বুধবাৰে নিৰ্বাচনী আয়োগে ঘোষণা কৰে নিৰ্বাচনৰ দিন। প্ৰয়োজন হ’লে নিৰ্বাচন অনুষ্ঠিত হোৱাৰ দিনাই হ’ব ভোটগণনা প্ৰক্ৰিয়া।

 

অহা ৫ জুলাইত জাৰি কৰা হ’ব বৰ্তমানৰ উপ-ৰাষ্ট্ৰপতি এম ভেংকাইয়া নাইডুৰ উত্তৰাধিকাৰীৰ নিৰ্বাচনৰ অধিসূচনা। উপ-ৰাষ্ট্ৰপতি পদৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ অন্তিম তাৰিখ হৈছে ১৯ জুলাই। ২০ জুলাইত মনোনয়ন পত্ৰৰ নিৰীক্ষণ কৰা হ’ব আৰু প্ৰাৰ্থীত্ব প্ৰত্যাহাৰৰ অন্তিম তাৰিখ হৈছে ২২ জুলাই। উল্লেখ্য় যে, ১০ আগষ্টত অন্ত পৰিব ভেংকাইয়া নাইডুৰ উপ-ৰাষ্ট্ৰপতি পদৰ সময়সীমা।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

nineteen − 5 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.