Social

২০৮ দিন খোজকাঢ়ি দক্ষিণ ভাৰতৰ পৰা অসম পালেহি এজন যুৱক, খোজকাঢ়ি কি বাৰ্তা বিয়পাইছে শ্ৰীকান্ত কল্যাণে…

২৩ বছৰীয়া যুৱকজনে এককভাৱে দেশৰ ২৫ খন ৰাজ্য ইতিমধ্যে খোজকাঢ়ি উপস্থিত হৈছেহি বিশ্বনাথত। যাত্ৰাপথত সকলোকে প্ৰকৃতি সুৰক্ষিত কৰি ৰখাৰ বাৰ্তা প্ৰেৰণ কৰিছে শ্ৰীকান্তে।

এজন যুৱকৰ এক অকলশৰীয়া দুঃসাহসিক যাত্ৰা। দক্ষিণ ভাৰতৰ পৰা খোজকাঢ়ি অসম পালেহি এজন সাহসী যুৱক। ২০৮ দিন খোজকাঢ়ি বিশ্বনাথত উপস্থিত হোৱা ২৩ বছৰীয়া যুৱকজনে লগত লৈ আহিছে Save Nature, Save Treesৰ বতৰা।

 

যুৱকজনৰ সম্বল বুলিবলৈ পিঠিত আছে এটা বেগ, হাতত ম’বাইল ফোন। পিঠিত লৈ থকা বেগত জিলিকি আছে তিনিবৰণীয়া ৰাষ্ট্ৰীয় পতাকা। হায়দৰাবাদৰ তেলেংগানাৰ পৰা অসমত আহি উপস্থিত হোৱা যুৱকজন হৈছে শ্ৰীকান্ত কল্যাণ। ২৩ বছৰীয়া যুৱকজনে এককভাৱে দেশৰ ২৫ খন ৰাজ্য ইতিমধ্যে খোজকাঢ়ি উপস্থিত হৈছেহি বিশ্বনাথত। যাত্ৰাপথত সকলোকে প্ৰকৃতি সুৰক্ষিত কৰি ৰখাৰ বাৰ্তা প্ৰেৰণ কৰিছে শ্ৰীকান্তে।

 

বিশ্বনাথৰ পৰা যুৱকজনে পুনৰ যাত্ৰা আৰম্ভ কৰিছে অৰুণাচললৈ। প্ৰকৃতিৰ নৈসৰ্গিক শোভা উপভোগ কৰি পাহাৰীয়া জিলা ইটানগৰলৈ খোজকাঢ়ি গৈছে যুৱকজন। এইদৰে খোজকাঢ়িয়েই দেশৰ প্ৰতিখন ৰাজ্য ভ্ৰমণ কৰাৰ লক্ষ্য শ্ৰীকান্তৰ।

 

ইতিমধ্যে, ২৫ খন ৰাজ্য খোজকাঢ়ি ভ্ৰমণ কৰা শ্ৰীকান্ত কল্যাণক ভাৰতৰ অন্য ৰাজ্যসমূহ খোজকাঢ়ি ভ্ৰমণ কৰিবলৈ প্ৰয়োজন হ’ব পাঁচ মাহ সময়। পিছে জনতাৰ দৃষ্টি আকৰ্ষণ কৰাৰ স্বাৰ্থত এনেধৰণৰ যাত্ৰা কেৱল দুঃসাহসিকতা বুলি ক’ব নোৱাৰি। কিয়নো অদম্য ইচ্ছা শক্তি আৰু মনোবল শক্তিশালী হ’লেহে কোনো ব্যক্তিয়ে আৰম্ভ কৰিব পাৰে এনে যাত্ৰা। এই যাত্ৰাৰেই সাহসী যুৱক শ্ৰীকান্ত কল্যাণে দেশবাসীক প্ৰকৃতিৰ প্ৰতি সজাগ কৰাৰ বাবে অবিৰতভাৱে চেষ্টা কৰাটো যথেষ্ট প্ৰসংশনীয়। দুভৰিৰ সামৰ্থ্যৰ ওপৰত নিৰ্ভৰশীল এই কুৰি উৰ্দ্ধৰ যুৱকজন হৈ পৰক সকলোৰে বাবে আদৰ্শস্বৰূপ, লগতে যুৱকজনৰ আদৰ্শ লৈয়ে সমাজৰ প্ৰতিজন ব্যক্তিয়ে প্ৰকৃতি সুৰক্ষাৰ বাবে আগবাঢ়ি আহক।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

6 − three =

Back to top button