AssamCity newsnationalpoliticalঅসমগুৱাহাটীদৈনিক বাতৰিভাৰতৰাজনৈতিক

উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখেড়ৰ মিমিক্ৰিক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে, এক্সত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ৰাষ্ট্ৰপতি মুৰ্মুৰ….

উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখেড়ৰ মিমিক্ৰিক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে। এক্সত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ৰাষ্ট্ৰপতি মুৰ্মুৱে এই ঘটনাত ব্যথিত হোৱা বুলি উল্লেখ কৰে। টুইটত ৰাষ্ট্ৰপতিগৰাকীয়ে উল্লেখ কৰে নিৰ্বাচিত জনপ্ৰতিনিধিয়ে তেওঁলোকৰ বিচাৰধাৰা প্ৰকাশ কৰিবলৈ স্বাধীন হয়। কিন্তু সেয়া গৰিমা আৰু ভদ্ৰতাৰ সীমাৰ ভিতৰত থকা উচিত। ইফালে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও TMC সাংসদ কল্যাণ বেনাৰ্জীৰ কাণ্ডত দুখ প্ৰকাশ কৰিছে। উপ-ৰাষ্ট্ৰপতি ধনখেড়ক টেলিফোনযোগে যোগাযোগ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে ঘটনাক লৈ অত্যন্ত দুখ প্ৰকাশ কৰে। উপ-ৰাষ্ট্ৰপতিৰ কাৰ্যালয়ৰ পৰা এই সন্দৰ্ভত এক্সত টুইট কৰি জনোৱা মতে প্ৰধানমন্ত্ৰীগৰাকীয়ে বিগত ২০ বছৰত এনে ধৰণৰ বহু অপমানৰ সন্মুখীন হোৱা বুলি উপ-ৰাষ্ট্ৰপতি ধনখেড়ৰ আগত উল্লেখ কৰে। অৱশ্যে উপ-ৰাষ্ট্ৰপতিৰ দৰে সাংবিধানিক পদবীৰ এজন ব্যক্তিক এনেদৰে অপমানিত কৰাটো দুৰ্ভাগ্যজনক বুলি আখ্যা দিয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

 

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

12 − 6 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.