অসম

আপোনাৰ গাড়ীখনৰ কৰ পৰিশোধ কৰিলেনে? যদি পৰিশোধ কৰা নাই তেন্তে সাৱধান!

যদি কোনো এম্বুলেঞ্চে কৰ পৰিশোধ নকৰে, তেন্তে সেই এম্বুলেঞ্চো জব্দ কৰা হ'ব ।

কৰ পৰিশোধ নকৰা বাহনৰ বিৰুদ্ধে কঠোৰ পৰিৱহণ বিভাগ। আজিৰে পৰা ৰাজ্যজুৰি আৰম্ভ হ’ল পৰিৱহণ বিভাগৰ “অপাৰেচন চাৰখাৰ অভিযান”। মহানগৰীৰ এবিচি পইণ্টত পৰিৱহণ বিভাগৰ অভিযান।

কৰ পৰিশোধ নকৰা কেইবাখনো বাহন জব্দ কৰে বিভাগীয় লোকে। কৰ পৰিশোধ নকৰা বহু ডাম্পাৰো জব্দ কৰিছে বিভাগে। এই অভিযানৰ পৰা সাৰি যাব নোৱাৰিব বেচৰকাৰী এম্বুলেঞ্চসমূহো । যদি কোনো এম্বুলেঞ্চে কৰ পৰিশোধ নকৰে, তেন্তে সেই এম্বুলেঞ্চো জব্দ কৰা হ’ব ।

আনহাতে, কৰ পৰিশোধ নকৰিলে বাতিল কৰা হ’ব গাড়ীৰ লাইচেঞ্চ। লগতে জৰিমনা বিহা হ’ব বাহনখনৰ ওপৰত। ৩১ মাৰ্চলৈ ধাৰাবাহিকভাৱে চলিব এই অভিযান। যাৱতীয় কৰ পৰিশোধ নকৰাৰ লগতে নথি-পত্ৰ পঞ্জীয়ন নকৰা বাহনসমূহৰ বিৰুদ্ধে চলিব অভিযান। যান বাহন সমূহে দিবলৈ থকা কৰ ৩১ মাৰ্চৰ ভিতৰত কৰিব লাগিব আদায়। সময়মতে কৰ পৰিশোধ নকৰা বাহন জব্দ হোৱাৰ লগতে ভৰিব লাগিব ১০ হাজাৰ টকা পৰ্যন্ত জৰিমনা। মহানগৰীত ১৩০কোটি আৰু ৪০০ কোটিতকৈ অধিক কৰ সংগ্ৰহৰ লক্ষ্য পৰিৱহণ বিভাগৰ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

3 × 5 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.