অসমঅসম আৰক্ষী

এজন উবেৰ চালকে নাক কাটিলে অসমৰ! ৰাষ্ট্ৰীয় পৰ্যায়ৰ সাংবাদিকক দুৰ্ব্যৱহাৰ উবেৰ চালকৰ…

ISBTৰ পৰা মালিগাঁও ষ্টেচনলৈ ALTO AS-01JC-5910 নম্বৰৰ উবেৰখন বুক কৰিছিল সাংবাদিকগৰাকীয়ে।

পুনৰ উবেৰ চালকৰ উদ্ভণ্ডালি। এগৰাকী ৰাষ্ট্ৰীয় মহিলা সাংবাদিকক অপব্যৱহাৰ কৰিলে অসমৰ উবেৰ চালকে।

 

নিকিতা জৈন নামৰ এগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ সাংবাদিকক অপব্যৱহাৰ প্ৰকাশ গগৈ নামৰ চালকজনৰ। উল্লেখ্য যে, এখন উবেৰ ভাৰালৈ লৈছিল নিকিতা জৈন নামৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ সাংবাদিকগৰাকীয়ে। ISBTৰ পৰা মালিগাঁও ষ্টেচনলৈ ALTO AS-01JC-5910 নম্বৰৰ উবেৰখন বুক কৰিছিল সাংবাদিকগৰাকীয়ে। কিন্তু অনলাইন পেইমেণ্ট কৰাৰ বাবেই  চালক প্ৰকাশ গগৈয়ে সাংবাদিকগৰাকীক ৰ’ডেৰে প্ৰহাৰ কৰাৰ অভিযোগ উঠিছে।

 

কিন্তু কামাখ্যা পাহাৰৰ পৰা জিলা পৰিবহন বিষয়াই আটক কৰে চালক প্ৰকাশ গগৈক। বৰ্তমান আৰক্ষীৰ জালত প্ৰকাশ গগৈ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

eight − 3 =

Back to top button