জম্মু-কাশ্মীৰ

নিৰাপত্তাৰক্ষীৰ বাহনত সন্ত্ৰাসবাদীৰ গুলীচালনা, কৰুণ মৃত্যু দুজন নিৰাপত্তাৰক্ষীৰ

সোমবাৰে, জম্মু-কাশ্মীৰৰ শ্ৰীনগৰত সংঘটিত হয় এই অঘটন। আৰক্ষীৰ বাহনত আক্ৰমণ কৰাত ততালিকে নিহত হয় দুজন আৰক্ষী। লগতে আহত হয় ১২ জন আৰক্ষী। আহত লোককেইজনক ততাতৈয়াকৈ লৈ যোৱা হয় হাস্পতাললৈ।

অশান্ত শ্ৰীনগৰত পুনৰ অঘটন। নিৰাপত্তাৰক্ষীলৈ লক্ষ্য কৰি সন্ত্ৰাসবাদীৰ গুলীবৰ্ষণ। সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহত দুজন নিৰাপত্তাৰক্ষী।

সোমবাৰে, জম্মু-কাশ্মীৰৰ শ্ৰীনগৰত সংঘটিত হয় এই অঘটন। আৰক্ষীৰ বাহনত আক্ৰমণ কৰাত ততালিকে নিহত হয় দুজন আৰক্ষী। লগতে আহত হয় ১২ জন আৰক্ষী। আহত লোককেইজনক ততাতৈয়াকৈ লৈ যোৱা হয় হাস্পতাললৈ।

জম্মু-কাশ্মীৰ আৰক্ষী যোৱা বাহনখন বুলেট প্ৰুফ নোহোৱাৰ বাবেই আক্ৰমণৰ বলি হয় জোৱানসকল। উল্লেখ্য যে, আৰক্ষীসকলে বাছত যাওঁতে বন্দুকৰ পৰিৱৰ্তে লৈ গৈছিল শ্বিল্ড আৰু বেতন। এই ভয়াৱহ ঘটনাৰ পিছতেই শোক প্ৰকাশ কৰিছে জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ওমাৰ আব্দুল্লাই।

উল্লেখ্য যে, ইয়াৰ পূৰ্বেও সন্ত্ৰাসবাদীৰ আক্ৰমণত আহত হৈছিল ১৪জন নিৰাপত্তাৰক্ষী।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

16 − 7 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.