আন্তঃৰাষ্ট্ৰীয়খেলভাৰত

স্বৰ্ণজয়ী মনীষ নৰৱাললৈ ৬ কোটি টকাৰ উপহাৰ, ঘোষণা কৰিলে হাৰিয়ানা চৰকাৰে..

পেৰা অলিম্পিকত স্বৰ্ণ জয় কৰাত ভাৰতে জয় কৰা স্বৰ্ণৰ তালিকাত অন্তৰ্ভুক্ত হ'ল মুঠ ৩টা পদক

পেৰা অলিম্পিকত শ্বুটিঙত পদক বিজয়ী মনীষ নৰৱাল আৰু সিংৰাজ আধানালৈ কোটি টকাৰ উপহাৰৰ ঘোষণা কৰিছে হাৰিয়ানা চৰকাৰে।

শনিবাৰে হাৰিয়ানা চৰকাৰে ঘোষণা কৰে এই কথা। মনীষ নৰৱালে পেৰা অলিম্পিকত স্বৰ্ণ পদক দখল কৰাৰ সমান্তৰালকৈ সিংৰাজ আধানাই লাভ কৰিছে ৰূপৰ পদক। শ্বুটিঙত পদক জয় কৰি ভাৰতলৈ গৌৰৱ কঢ়িয়াই অনা দুয়োগৰাকী খেলুৱৈকে কোটি টকাৰ পুৰষ্কাৰ দিব হাৰিয়ানা চৰকাৰে। মনীষ নৰৱালক ৬ কোটি টকা আৰু সিংৰাজ আধানাক ৪ কোটি টকা দিব চৰকাৰে।

উল্লেখযোগ্য যে, শ্বুটাৰ মনীষ নৰৱালে পেৰা অলিম্পিকত স্বৰ্ণ জয় কৰাত ভাৰতে জয় কৰা স্বৰ্ণৰ তালিকাত অন্তৰ্ভুক্ত হ’ল মুঠ ৩টা পদক।

হাৰিয়ানাৰ মুখ্যমন্ত্ৰী মনোহৰ লাল খট্টাৰে খেলুৱৈকেইগৰাকীক শুভেচ্ছা জনোৱাৰ লগতে চাকৰি প্ৰদানৰ কথাও উল্লেখ কৰে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

13 − 12 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.