অসমৰাজনৈতিক

আজি বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰে সম্পুৰ্ণ কৰিলে এটা বছৰ

২০২২ চনৰ ৩১মাৰ্চলৈ ১,০৮,৩৪৭.২৭ কোটি টকাৰ ধাৰত পোত গৈ আছে বৰ্তমানৰ চৰকাৰখন

সম্পূৰ্ণ এটা বছৰ পুৰ্ণ কৰিলে বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰে। ড০ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ প্ৰথম বৰ্ষপূৰ্তি উপলক্ষে গুৱাহাটীত অনুষ্ঠিত কৰা হৈছে বৰ্ণাধ্য কাৰ্যসূচী। অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত আছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ।

বিগত এটা বছৰত বিজেপি চৰকাৰৰ কাম–কাজক লৈ মিশ্ৰিত প্ৰতিক্ৰিয়া দেখা গৈছে জনতাৰ মাজত। ৰাজ্য চৰকাৰে গ্ৰহণ কৰা কেতবোৰ আঁচনিক লৈ সুখী একাংশ জনতা। কিন্তু তাৰ বিপৰীতে মূল্যবৃদ্ধিৰ দৰে সমস্যা লৈ একপ্ৰকাৰ অতিষ্ঠ হৈ পৰিছে সাধাৰণ জনতা। মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ ক্ষেত্ৰত চৰকাৰে এইপৰ্যন্ত কোনো পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই।
উল্লেখ্য যে, ২০২২ চনৰ ৩১মাৰ্চলৈ ১,০৮,৩৪৭.২৭ কোটি টকাৰ ধাৰত পোত গৈ আছে বৰ্তমানৰ চৰকাৰখন। এটা বছৰতে ১৫,২৭১.২৭ কোটি টকাৰ ঋণ লৈছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে।

আগন্তুক দিনত চৰকাৰৰ পৰা আৰু বহু উন্নয়ন আশা কৰিছে জনসাধাৰণে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

thirteen + 16 =

Back to top button