Assamhoroscopeleatest updateSocialSocial Networkঅসম

আজিৰ দিনটো কেনেকৈ যাব আপোনাৰ

আজিৰ দিনটোৰ ৰাশিফল

১. মেষ ৰাশি (অ,ল) : – মেষ ৰাশিৰ জাতক- জাতিকা সকলৰ আজিৰ দিনটোত পুৰণি সমস্যাৰ সমাধান হ’ব , যদিও আজি আপুনি সজাগ নহ’লে কৰ্মক্ষেত্ৰত সামান্য কষ্টৰ সন্মুখীন হৱ পাৰে, লগতে আজি আপুনি পুলিচ প্ৰশাসনৰ পৰা সাৱধান হোৱাটো ভাল হ’ব।

২. বৃষ ৰাশি (উ,ব) :- বৃষ ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটোত ভ্ৰমণৰ সুযোগ লাভ কৰিব, লগতে আজি বিবাহ প্ৰাৰ্থী সকলৰ ঘৰত বিবাহৰ আলোচনা হোৱাৰ যোগ দেখা যায়।

৩. মিথুন ৰাশি(ক,ছ):- মিথুন ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত প্ৰেমত শুভ বুলি কব পাৰি, লগতে আজি আপোনাৰ পাৰিবাৰিক দিশটো শুভ হ’ব , যদিও আজি আপোনাৰ মনত চিন্তা বৃদ্ধি হ’ব পৰা কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব।

৪. কৰ্কট ৰাশি: – কৰ্কট ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত শুভ সংবাদ লাভ কৰিব, ভ্ৰমণত আনন্দ বাঢ়িব যদিও আজি আপুনি স্বাস্থ্যৰ প্ৰতি সজাগ হোৱাটো ভাল হ’ব।

৫. সিংহ ৰাশিৰ  :- সিংহ ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত মনত বিদ্বেষ ভাৱ বাঢ়িব পাৰে, কৰ্মত আত্মীয় পৰিয়ালৰ পৰা বাধাৰ সন্মুখীন হব পাৰে, লগতে আজি আপোনাৰ কৰ্মক্ষেত্ৰত অসন্তোতী ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৬. কন্যা ৰাশি  : – কন্যা ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত নতুন নতুন ব্যৱসায় বানিজ্যৰ সুযোগ সুবিধা লাভ কৰিব, কৰ্মত লগ বন্ধুৰ পৰা সহায় সহযোগিতা লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ’লে মনত সামান্য ভয় ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৭. তুলা ৰাশি : – তুলা ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত প্ৰেমত আনন্দ বাঢ়িব, কৰ্মত শুভ বুলি কব পাৰি, বিপৰীত লিংগৰ ব্যক্তিৰ পৰা সহাৰি লাভ কৰিব, লগতে আজি আপোনাৰ পিতৃ মাতৃৰ পৰা সুখ শান্তি লাভ হোৱাৰ যোগ দেখা যায়।

৮. বৃশ্চিক ৰাশি : – বৃশ্চিক ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত সমাজ কৰ্মী আৰু ৰাজনীতিৰ লগত জড়িত ব্যক্তি সকলে ৰাজহুৱা কৰ্মত ব্যস্ততা বাঢ়িব, প্ৰেমত আনন্দ বাঢ়িব, ব্যৱসায়িক ভাৱে সফলতা লাভ কৰিব যদিও আজি আপুনি সজাগ নহ’লে সামান্য উপাৰ্জন হ্ৰাস হোৱাৰ যোগ দেখা যায়।

৯. ধনু ৰাশি : – ধনু ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত ব্যয় বাঢ়িব পাৰে, মনত সামান্য কষ্ট পাৱলগীয়া হ’ব পাৰে, যদিও আজি সংবাদ কৰ্মী সকলৰ মনত আনন্দ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

১০. মকৰ ৰাশি : – মকৰ ৰাশি জাতক – জাতিকা সকলৰ আজিৰ দেহ মনত সামান্য কষ্ট পাৱলগীয়া হ’ব পাৰে যদিও আজিৰ দিনটোত ছাত্ৰ ছাত্ৰী সকলৰ সুনাম বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

১১. কুম্ভ ৰাশি: – কুম্ভ ৰাশিৰ জাতক – জাতিকা সকলৰ আজি দিনটোত মনত নতুন আশাৰ সঞ্চাৰ হ’ব, সৌভাগ্যৰ উদয় হব, লগতে আজি ছাত্ৰ ছাত্ৰী সকলৰ মনত আনন্দ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

১২. *মীন ৰাশি-  :- মীন ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত আনৰ পৰা মৰম- চেনেহ লাভ কৰিব, মনত সুখ শান্তি বাঢ়িব, যদিও আজি আপুনি সজাগ নহ’লে সামান্য শৰীৰত ৰোগ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

16 − 1 =

Back to top button