অপৰাধঅসমঅসম আৰক্ষী

ৰসগোল্লাই কাল হ’ল, কৰ্মচাৰীক গুৰুলাগুৰুলকৈ প্ৰহাৰ মালিকৰ…

কিমান বৰ্বৰ হ'ব পাৰে এখন হোটেলৰ মালিক! ৰসগুলা আকাৰ ডাঙৰ হোৱাটোৱে কাল হ'ল অজিত দাস নামৰ এজন কাৰিকৰৰ

ৰসগুলা আকাৰ ডাঙৰ হোৱাটোৰ বাবেই হোটেলৰ কাৰিকৰক গুৰুলাগুৰুলকৈ প্ৰহাৰ মালিকৰ
কিমান বৰ্বৰ হ’ব পাৰে এখন হোটেলৰ মালিক! ৰসগুলা আকাৰ ডাঙৰ হোৱাটোৱে কাল হ’ল অজিত দাস নামৰ এজন কাৰিকৰৰ।

ঘটনোটো সংঘটিত হৈছে গহপুৰৰ মা দূৰ্গা হোটেলত। হোটেলখনৰ মালিক বাপন ঘোষৰ প্ৰহাৰত পিঠিৰ মঙহ ফাটি তেজৰ চেকুৰা বৈছে কৰ্মচাৰীজনৰ গাৰ পৰা।

সামান্য কথাতে মাৰপিট কৰা বাপনৰ মাৰত পূৰ্বেও ঘূনীয়া হৈছে বহুজন কৰ্মচাৰী।

নিজকে বিজেপি দলৰ নেতা বুলি জহাই ফুৰা বাপনৰ প্ৰহাৰত হোটেলৰ কাৰিকৰ অজিত দাস গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়।
চিকিৎসাৰ বাবে হাতত পইছা নোহোৱাৰ বাবে বিনা চিকিৎসাৰে ঘৰতে থাকিব লগা হৈছে কৰ্মচাৰীজনে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

four × one =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.