ElectionGovernment SchemehoroscopenationalPMo indiapoliticalআন্তঃৰাষ্ট্ৰীয়দৈনিক বাতৰিভাৰতৰাজনৈতিক

নতুন ভোটাৰৰ পৰা আঁচনিৰ হিতাধিকাৰীলৈকে বিজেপিয়ে সৃষ্টি কৰিছে নতুন ৰণ নীতি…..

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৃহস্পতিবাৰে ভাৰ্চুৱেলি ৫০ লাখ নতুন ভোটাৰৰ কাষ চাপিব আৰু উত্তৰ প্ৰদেশত বুলন্দশ্বহৰত ৰাজহুৱা সভাৰে দলটোৰ লোকসভা প্ৰচাৰ আৰম্ভ কৰিব

নিৰ্বাচনী আয়োগে আগন্তুক লোকসভা নিৰ্বাচনৰ সম্ভাব্য দিন ইংগিত দিয়াৰ লগে লগে অধিক তৎপৰ হৈ পৰিছে ৰাজনৈতিক দল সমূহ। ইয়াৰ পৰোপেক্ষিতত লোকসভা নিৰ্বাচনৰ বাবে বিজেপিয়ে একাধিক স্তৰত ৰাজহুৱা প্ৰচাৰ কাৰ্যসূচী তীব্ৰতৰ কৰি তুলিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৃহস্পতিবাৰে ভাৰ্চুৱেলি ৫০ লাখ নতুন ভোটাৰৰ কাষ চাপিব আৰু উত্তৰ প্ৰদেশত বুলন্দশ্বহৰত ৰাজহুৱা সভাৰে দলটোৰ লোকসভা প্ৰচাৰো আৰম্ভ কৰিব।

লগতে দলটোৱে শীঘ্ৰে প্রথম প্রার্থীৰ তালিকা প্রকাশ কৰিবলৈ সাজু হৈছে‌৷ শীৰ্ষ নেতৃত্বই চলিত মাহৰ শেষৰ ফালে বৈঠকত মিলিত হৈ কঠিন আসনসমূহৰ বাবে দলৰ প্ৰাৰ্থীসকলক চূড়ান্ত কৰাৰ সম্ভাৱনা আছে যাতে ইয়াৰ প্ৰাৰ্থীসকলে ৰণ নীতি প্ৰস্তুত কৰি কাম কৰিবলৈ যথেষ্ট সময় পায়। শীঘ্ৰে প্ৰায় ১৫০-১৬০ প্ৰাৰ্থীক চূড়ান্ত কৰিব পৰা যাব বুলি তেওঁলোকে জানিবলৈ দিয়ে।

বিজেপি নেতাসকলে লগতে কয় যে যদিও ডাঙৰ টিকটৰ ঘোষণাৰ আশা কৰা হোৱা নাই, তথাপিও লোকসভা নিৰ্বাচনৰ বাবে বিজেপিৰ প্ৰচাৰৰ অন্যতম মূল বিষয়বস্তু হ’ব অন্তৱৰ্তীকালীন বাজেট, এই বাজেট অধিবেশনত “এটা ইতিবাচক পৰিৱেশ আৰু আশাবাদৰ সৃষ্টি কৰিব” বুলি আশা কৰা হৈছে ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

19 + ten =

Back to top button