AssamInternationalleatest updatenationalnorth eastRegionalSportsuniversঅসমআঞ্চলিকআন্তঃৰাষ্ট্ৰীয়খেলদৈনিক বাতৰিভাৰত

বিশ্ব বক্সিং চেম্পিয়ন মেৰী কমে অৱসৰৰ খবৰ অস্বীকাৰ কৰিছে

মই এতিয়াও অৱসৰৰ কথা ঘোষণা কৰা নাই আৰু মোৰ বক্তব্যৰ ভুল উদ্ধৃতি দিয়া হৈছে।

ছবাৰৰ বিশ্ব চেম্পিয়ন তথা লণ্ডন অলিম্পিকৰ ব্ৰঞ্জৰ পদক বিজয়ী বক্সাৰ মেৰী কমে ক্ৰীড়াৰ পৰা অৱসৰ লোৱাৰ সন্দৰ্ভত সংবাদ মাধ্যমত প্ৰকাশ পোৱা বাতৰিক অস্বীকাৰ কৰিছে।

মেৰী কমে কয় যে, মই এতিয়াও অৱসৰৰ কথা ঘোষণা কৰা নাই আৰু মোৰ বক্তব্যৰ ভুল উদ্ধৃতি দিয়া হৈছে। মই ব্যক্তিগতভাৱে যেতিয়াই ঘোষণা কৰিব বিচাৰিম তেতিয়াই সংবাদ মাধ্যমৰ সন্মুখলৈ আহিম।

মেৰীয়ে নিজৰ বক্তব্য স্পষ্ট কৰি কয় যে, মই বুধবাৰে অৰ্থাৎ ২৪ জানুৱাৰীত ডিব্ৰুগড়ত স্কুলৰ এক অনুষ্ঠানত অংশ লৈছিলো। য’ত মই শিশুসকলক প্ৰেৰণা দিয়াৰ উদ্দেশ্যে বক্তৃতা দি আছিলোঁ। যত মই কৈছিলো যে মোৰ এতিয়াও ক্ৰীড়াত আগবঢ়ি যোৱাৰ ক্ষুধা আছে কিন্তু অলিম্পিকত নিৰ্ধাৰিত বয়সৰ সীমাই মোক অংশগ্ৰহণ কৰিবলৈ নিদিয়ে যদিও মই মোৰ খেলখন আগবঢ়াই নিব পাৰো। মই এতিয়াও মোৰ ফিটনেছত গুৰুত্ব দি আছোঁ আৰু যেতিয়াই অৱসৰ ঘোষণা কৰিম তেতিয়াই সকলোকে জনাই দিম।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

4 + eight =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.