অপৰাধআঞ্চলিক

লম্পট কবিৰাজৰ কামনাৰ বলি দশম শ্ৰেণীৰ এগৰাকী ছাত্ৰী। ক’ত সংঘটিত এই ঘটনা!

পৰীক্ষাত ভাল ফলাফল লাভৰ বাবে কাষ চাপিছিল ভণ্ড কবিৰাজৰ

শুৱালকুছিত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। শুৱালকুছি কলিতাপাৰাত লম্পট কবিৰাজৰ কামনাৰ বলি হ’ল দশম শ্ৰেণীৰ এগৰাকী ছাত্ৰী। লম্পট কবিৰাজ বনমালী দাসৰ বাবেই চিপ লৈ আত্মহত্যাৰ চেষ্টা ছাত্ৰীগৰাকীৰ। পৰীক্ষাত ভাল ফলাফল লাভৰ বাবে কাষ চাপিছিল ভণ্ড কবিৰাজ বনমালী দাসৰ। পৰীক্ষাত ভাল ফলাফল লাভ আৰু দেহৰ সৌন্দৰ্য্য বৃদ্ধি কৰা উদ্দেশ্যৰে ভণ্ড কবিৰাজে জৰাফুঁকা কৰি দিছিল মিঠাতেল। সেই মিঠাতেল ছাত্ৰী গৰাকীৰ দেহত লম্পট কবিৰাজ বনমালীয়ে নিজ হাতেৰে সানি দিয়াৰ চলেৰে ছাত্ৰী গৰাকীৰ ওপৰত চলাই যৌন উৎপীড়ন। যাৰ বাবে ছাত্ৰীগৰাকীয়ে বাচি লৈছিল আত্মাহত্যাৰ পথ। সম্পৰ্কীয় দদায়েকৰ বাবে কথমপি প্ৰাণৰক্ষা পৰে ছাত্ৰী গৰাকীৰ। বৰ্তমান ছাত্ৰী গৰাকীৰ GMCHত চিকিৎসাধীন। এই ঘটনা সন্দৰ্ভত শুৱালকুছি আৰক্ষী থানাত এজাহাৰ দাখিল কৰে ছাত্ৰীগৰাকীৰ পৰিয়ালৰ লোকে। পৰিয়ালৰ এজাহাৰৰ ভিত্তিতে শুৱালকুছি আৰক্ষীয়ে আটক কৰে লম্পট ওজা তথা কবিৰাজ বনমালী দাসক। লম্পট বনমালী দাসৰ ঘৰ কামৰূপৰ বৰলাহত।

 

 

 

উল্লেখ্য যে, আত্মহত্যাৰ চেষ্টা কৰাৰ পূৰ্বে চুইছাইড নোটত সকলো কথা লিখিছিল ছাত্ৰী গৰাকীয়ে। ইতিমধ্যে আৰক্ষীয়ে উদ্ধাৰ কৰিছে ছাত্ৰী গৰাকীয়ে লিখা চুইছাইড নোটখন। ঘটনাৰ তদন্তৰ বাবে ঘটনাস্থলীত উপস্থিত শুৱালকুছিৰ আৰক্ষীৰ লগতে কামৰূপ জিলাৰ আৰক্ষী অধীক্ষক হিতেশ চন্দ্ৰ ৰয়। ২১ শতিকাৰ মানৱ সমাজত আজিও প্ৰচলিত হৈ আছে জৰা-ফুকাৰ দৰে এনে ঘটনা। ৰোগ নিৰাময়ৰ কাৰণে আজিও এচাম লোকৰ ভৰষা কবিৰাজ তথা ওজাৰ তন্ত্ৰ-মন্ত্ৰ। এতিয়া প্ৰশ্ন হয় কেতিয়াকৈ অন্ত পৰিব এই অন্ধবিশ্বাসৰ!

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

twenty − nine =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.