AssamCricketleatest updatenationalSports

ঘোষণা হ’ল ২৩ নৱেম্বৰৰ পৰা আৰম্ভ হ’বলগীয়া  T20 ছিৰিজৰ ভাৰতীয় দল।

T20ৰ ভাৰতীয় দলত কিয় স্থান নাপালে ৰিয়ান পৰাগে।

BCCIয়ে ঘোষণা কৰিলে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অহা ২৩ নৱেম্বৰৰ পৰা আৰম্ভ হ’বলগীয়া  T20 ছিৰিজৰ ভাৰতীয় দলটো। সদ্যসমাপ্ত মুস্তাক আলী ট্ৰফীত অসম দলক সন্মুখৰ পৰা নেতৃত্ব দিয়া ৰিয়ান পৰাগ এইবাৰ T20 ভাৰতীয় দলটোত স্থান পোৱাৰ আশা উজ্জীৱিত হৈ উঠিছিল। উক্ত চেম্পিয়নশ্বিপত একেৰাহে ৬টাকৈ হাফ চেঞ্চুৰী কোৱাই অভিলেখ স্থাপন কৰিছিল T20ৰ মাৰমুখী বেটছমেন ৰিয়ান পৰাগে।

ৰিয়ান পৰাগৰ এই প্ৰদৰ্শনৰ পিছতে সমাগত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ৫ খন মেচৰ T20 ছিৰিজত ৰিয়ান পৰাগৰ স্থান লাভক লৈ আশাৰ সঞ্চাৰ হৈছিল। কিন্তু সকলো আশাত চেঁচাপানী ঢালি সদ্যঘোষিত ভাৰতীয় দলত স্থান নাপালে ৰিয়ানে।

BCCIয়ে ঘোষণা কৰা ভাৰতীয় দলটোৰ নেতৃত্বত থাকিব সূৰ্যকুমাৰ যাদৱ। আনহাতে প্ৰথম তিনিখন মেচত ভাইচ কেপ্টেইন হিচাপে থাকিব ঋতুৰাজ গাইকোৱাড। শেষৰ দুখন মেচত ভাইচ কেপ্টেইন হিচাপে থাকিব শ্ৰেয়াছ আয়াৰ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

16 − 15 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.