অসমগুৱাহাটীভাৰতৰাজনৈতিক

হঠাৎ এজাক প্ৰৱল ধুমুহাই জোকাৰি গ’ল কাৰ্বিআংলঙক

শিল বৰষুণ তথা ধুমুহাৰ ফলত কাৰ্বিআংলং জিলাৰ নিলিপ পৰিষদীয় সমষ্টিৰ অন্তৰ্গত কেইবাখনো গাঁৱৰ ৰাইজৰ বিস্তৰ ক্ষতিসাধন হৈছে।

দেওবাৰে নিশা হঠাৎ অহা এজাক প্ৰৱল ধুমুহাই কাৰ্বিআংলঙৰ বিভিন্ন ঠাইত বিস্তৰ ক্ষতিসাধন কৰে।

শিল বৰষুণ তথা ধুমুহাৰ ফলত কাৰ্বিআংলং জিলাৰ নিলিপ পৰিষদীয় সমষ্টিৰ অন্তৰ্গত কেইবাখনো গাঁৱৰ ৰাইজৰ বিস্তৰ ক্ষতিসাধন হৈছে।

মাজনিশা অহা প্ৰচণ্ড ধুমুহাৰ ফলত চকীহুলা,পানজান, আদি ঠাইসমূহৰ লগতে দাঁতি কাষৰীয়া অঞ্চলসমূহত বহুলোকৰ ঘৰ দুৱাৰ ভাঙি পৰাৰ লগতে উৰুৱাই নিয়ে ঘৰৰ টিনপাত।

অন্যহাতে এই ধুমুহাজাকৰ ফলত ঠায়ে ঠায়ে কেইবাটাও পশুধনৰ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে।

বিধ্বংসী ধুমুহাজাকত বিদ্যুৎৰ খুঁটা উভালি পৰাত অঞ্চলসমূহত বিচ্ছিন্ন হৈ পৰিছে বিদ্যুৎ সংযোগ ব্যৱস্থা।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

17 − 6 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.