অসমপৰিৱেশবতৰ

ৰাজ্যত ধুমুহা-বৰষুণৰ উগ্ৰৰূপ! প্ৰকৃতিৰ ৰোষত প্ৰাণ গ’ল ২০ গৰাকীকৈ লোকৰ…

ধাৰাসাৰ বৃষ্টিপাত আৰু গাজনি বৰষুণৰ ফলত প্ৰাণো হেৰুৱাবলগীয়া হৈছে বহু লোকে

মাৰ্চ মাহৰ শেষৰ পৰা ৰাজ্যত অব্যাহত থকা ধুমুহা-বৰষুণ, বৰদৈচিলাৰ তাণ্ডৱৰ ফলত বৰ্তমানলৈকে বহুলোকৰ গৃহহীন হৈছে, শস্যৰ ক্ষতিসাধন হোৱাৰ লগতে পশুধনসমূহৰো ব্যাপক ক্ষতি হোৱা দেখা গৈছে৷ তাৰোপৰি ধাৰাসাৰ বৃষ্টিপাত আৰু গাজনি বৰষুণৰ ফলত প্ৰাণো হেৰুৱাবলগীয়া হৈছে বহু লোকে৷

শেহতীয়া এক প্ৰতিবেদনত প্ৰকাশ পাইছে যে, চলিত বৰ্ষত হোৱা ধাৰাসাৰ বৃষ্টিপাত তথা ধুমুহা, বজ্ৰপাতৰ ফলত বৰ্তমানলৈ ৰাজ্যত মৃত্যু ঘটিছে প্ৰায় ২০ গৰাকীকৈ লোকৰ। আৰু ক্ষতিগ্ৰষ্ট হৈছে প্ৰায় ৯৫,২৩৯ গৰাকী লোক।

প্ৰাধিকৰণৰ মুখ্য কাৰ্যবাহী বিষয়া জি ডি ত্ৰিপাঠীয়ে দেওবাৰে এই সন্দৰ্ভত প্ৰতিখন জিলাৰে উপায়ুক্তসকলৰ সৈতে পৰ্যালোচনা সভা অনুষ্ঠিত কৰিছে৷

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

fifteen − six =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.