অসমগুৱাহাটীদুৰ্ঘটনাদৈনিক বাতৰিভাৰতৰাজনৈতিক

শিলচৰত উদ্বোধনৰ পূৰ্বেই খহি পৰিল কোটি টকীয়া দলঙৰ এপ্ৰোচ, ২৪ ঘন্টাৰ নেৰানেপেৰা বৰষুণে উদঙালে চৰকাৰী কামৰ স্বৰূপ

শিলচৰত উদ্বোধনৰ পূৰ্বেই খহি পৰিল কোটি টকীয়া দলঙৰ এপ্ৰোচ ৷

২৪ ঘন্টাৰ নেৰানেপেৰা বৰষুণে উদঙালে চৰকাৰী কামৰ স্বৰূপ।

এয়া বহু প্ৰত্যাশিত শিলচৰ বাদ্ৰীঘাট দলং ৷

বৰাক নৈৰ উপৰত নিৰ্মিত হৈছে দলংখন ৷

শিলচৰ-লক্ষীপুৰ-মনিপুৰ সংযোগী এই দলংখন নিৰ্মাণ কাৰ্য চলিত মাহতেই সম্পূৰ্ণ হৈছিল।

কিছুদিন পিছতেই মুখ্যমন্ত্ৰীয়ে উদ্বোধন কৰাৰ কথা আছিল যদিও হঠাতে খহি পৰে দলংখনৰ এপ্ৰোচ।

দলংৰ সন্মুখ ভাগতে খহি পৰে এপ্ৰোচৰ বৃহৎ অংশ।

ইয়াৰ পাছতে স্থানীয় ৰাইজৰ মাজত সৃষ্টি হৈছে ক্ষোভৰ ৷

দায়িত্বপ্ৰাপ্ত ঠিকাদাৰ, বিভাগীয় কৰ্মী-বিষায়াৰ দুৰ্নীতিৰ স্বৰূপ উলাই পৰিছে বুলি স্থানীয় ৰাইজৰ অভিযোগ ৷

কৌটি টকীয়া এই দলংখন নিৰ্মানত অবাধে দূৰ্নীতিৰ সংগঠিত কৰিছে ঠিকাদাৰ সহ বিভাগীয় কৰ্মী বিষায়াই বুলি অভিযোগ ৰাইজৰ ৷

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

twenty + 10 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.