প্ৰযুক্তি

বেংকত কাম আছে যদি খৰধৰ কৰক, কিয়নো তিনিদিনৰ বাবে বন্ধ থাকিব বেংক সেৱা…

গ্ৰাহকসকলক উন্নত সুবিধা প্ৰদান কৰাৰ বাবেই বেংকে সময়ে সময়ে উন্নীতকৰণ কৰে বেংকৰ বিভিন্ন সেৱাসমূহ। গ্ৰাহকসকলে সহজে ডিজিটেল সুবিধা লাভ কৰিবৰ বাবেই এই ব্যৱস্থা হাতত লৈছে ষ্টেট বেংক অৱ ইণ্ডিয়াই। এই সময়ছোৱাত কোনোধৰণৰ লেনদেন কৰিব নোৱাৰিব গ্ৰাহকে।

ভাৰতীয় ষ্টেট বেংকত একাউণ্ট থকাসকলৰ বাবে এটা অতি গুৰুত্বপূৰ্ণ খবৰ। SBIৰ গ্ৰাহকসকললৈ বেংকে জাৰি কৰিছে সতৰ্কবাণী।

কাইলৈৰ পৰা তিনি দিনৰ বাবে বন্ধ থাকিব বেংকৰ বিশেষ সেৱা। বেংকে টুইটযোগে গ্ৰাহকক অৱগত কৰিলে এই কথা।

চিষ্টেম মেইনটেইন্সৰ বাবে ০৯, ১০ আৰু ১১ অক্টোবৰত স্থগিত ৰখা হ’ব বেংকৰ সেৱা। ইয়াত অন্তৰ্ভুক্ত থাকিব ইণ্টাৰনেট বেঙ্কিং, Yono, Yono Lite আৰু UPI সেৱা।

উল্লেখযোগ্য যে, গ্ৰাহকসকলক উন্নত সুবিধা প্ৰদান কৰাৰ বাবেই বেংকে সময়ে সময়ে উন্নীতকৰণ কৰে বেংকৰ বিভিন্ন সেৱাসমূহ। গ্ৰাহকসকলে সহজে ডিজিটেল সুবিধা লাভ কৰিবৰ বাবেই এই ব্যৱস্থা হাতত লৈছে ষ্টেট বেংক অৱ ইণ্ডিয়াই। এই সময়ছোৱাত কোনোধৰণৰ লেনদেন কৰিব নোৱাৰিব গ্ৰাহকে।

অহা ০৯ অক্টোবৰৰ নিশা ১২:২০ বজাৰ পৰা ০২:২০ বজালৈ, ১০ আৰু ১১ অক্টোবৰৰ নিশা ১১.২০ বজাৰ পৰা ১.২০ বজালৈ উপলব্ধ নহ’ব বেংক সেৱাসমূহ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

11 − 4 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.