অসমদৈনিক বাতৰিভাৰত

এচিয়া মহাদেশৰ ভিতৰতে বৰ্ষীয়ান ঘৰচীয়া হাতী বিজুলী প্ৰসাদৰ মৃত্যু….

এচিয়া মহাদেশৰ ভিতৰতে বৰ্ষীয়ান ঘৰচীয়া হাতী বিজুলী প্ৰসাদৰ মৃত্যু....

এচিয়া মহাদেশৰ ভিতৰতে বৰ্ষীয়ান ঘৰচীয়া হাতী বিজুলী প্ৰসাদৰ মৃত্যু। ৮৯ বছৰ বসয়ত মৃত্যু বৰ্ষীয়ান হাতীটোৰ। বিশ্বনাথৰ বিহালী চাহ বাগিচাত শেহতীয়াকৈ আছিল হাতীটো। পুৱতি নিশা ৩.৩০ বজাত মৃত্যু হয় হাতীটোৰ। বৰগাং বনাঞ্চলিক বিষয়া চক্ৰপানি ৰয় সতীৰ্থসহ গৈ হাতীটোৰ মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে।

চাৰিবাৰকৈ দাঁত কটাৰ পিছত আজি পুনৰ দাঁত কাটি গাঁত খান্দি সৎকাৰৰ ব্যৱস্থা কৰিছে বন বিভাগে। উল্লেখ্য যে বৃহৎ চাহ গোষ্ঠী জৰ্জ উইলিয়ামচন মেগৰ কোম্পানীৰ প্ৰতীক হিচাপে আছিল বিজুলী প্ৰসাদ। বিজুলীৰ মৃত্যুৰ লগে লগে উইলিয়ামছন মেগৰৰ এক ইতিহাসৰ অন্ত পৰিল। দিকৰাই চাহ বাগিচাৰ পৰা পোৱালী অৱস্থাতেই বৰগাং চাহ বাগিচালৈ অনা হৈছিল হাতীটো। পিছত বৰগাং চাহ বাগিচা বিক্ৰী হোৱাত বিহালী চাহ বাগিচালৈ অনা হৈছিল বিজুলী প্ৰসাদক।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

3 × 5 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.