জীৱনশৈলীসংগীতস্বাস্থ্য

জীৱনদায়িনী সংগীত, সকলো দুখ-কষ্ট পাহৰি সংগীতৰ জৰিয়তে আহক উপভোগ কৰো জীৱন…

গান শুনিলেও অথবা কেতিয়াবা কামৰ মাজে-মাজে গান এটা গুণগুণালেও আমাৰ মন ভাল লাগে

শৰীৰ সুস্থ কৰি ৰখাত সহায়ক সংগীত। মানুহক সুস্থ কৰি ৰখাৰ এক উত্তম আহিলা হ’ল সংগীত। সংগীতৰ আলোড়িত ধ্বনিয়ে যাদুকৰী শক্তিৰে মানৱ হৃদয়ত বিভিন্ন অনুভূতিৰ সৃষ্টি কৰাৰ লগতে মন মগজুতো বিশেষভাৱে প্ৰভাৱ পেলায়।

যোগাত্মক চিন্তা-ধাৰাৰে জীৱন অতিবাহিত কৰাত সহায় কৰে সংগীতে। দিনটোৰ ভাগৰ আৰু কামৰ গধুৰ বোজাৰ চিন্তা আঁতৰ কৰাতো সহায় কৰে সংগীতৰ ধ্বনিয়ে।

মন-মগজুক সক্ৰিয় কৰি সংগীতে এটা সুস্থ জীৱন-যাপন কৰাত সকলোকে যথেষ্ট সহায় কৰে। সংগীত যিকোনো ধৰণৰ হ’ব পাৰে, মুঠতে যি সংগীতৰ ঝংকাৰে আপোনাক যোগাত্মক শক্তি প্ৰদানত অৰিহণা যোগায়, সেয়াই হৈছে সকলোৰে বাবে জীৱনৰ ঔষধ। গান শুনিলেও অথবা কেতিয়াবা কামৰ মাজে-মাজে গান এটা গুণগুণালেও আমাৰ মন ভাল লাগে।

জনবিশ্বাস অনুসৰি, ভগৱানৰ আশীষপুষ্ট প্ৰাৰ্থনাৰ দ্বাৰা শৰীৰৰ বিভিন্ন ৰোগৰ পৰাও মুক্ত হ’ব পাৰি৷ আমাৰ অসম তথা ভাৰততো সৰ্বশক্তিমান ভগৱানৰ নামত বিভিন্ন গীত-মাত আদি চলি আহিছে, যাৰ দ্বাৰা আমাৰ চেতন, অৱচেতন মনৰ পৰা ভয়-শংকা আঁতৰাই মানুহে এক ভক্তিমূলক পৰিৱেশত উপৱিস্ত হ’ব পাৰে৷ অসমত কীৰ্তন, নামঘোষা আদিৰ পৰা নাম, পদ, প্ৰাৰ্থনা, কোৰান পাঠ আদি চলি আহিছে যাৰদ্বাৰা শৰীৰ-মন পৱিত্ৰ হয়, বিয়োগাত্মক চিন্তাৰ পৰা মুক্ত হৈ সুস্থ শৰীৰে থাকিব পাৰি, ৰোগ নিৰাময় হয়৷ প্ৰাৰ্থনাই শৰীৰ সুস্থ কৰি তোলাত যথেষ্ট সহায় কৰে।

যিকোনো সংগীতে মানুহক সুস্থ কৰি তুলিব পাৰে। যেতিয়া আপুনি সংগীত উপভোগ কৰিব, তেতিয়া সেই সংগীতেই জীৱনীাদয়ক হিচাপে কাম কৰে। দৈনিক ব্যস্ততাৰ পৰা ক্ষন্তেক আঁতৰি, অথবা ব্যস্ত থাকিলেও যদি কেতিয়াবা সংগীতৰ ৰাগিত মাতাল হয় তেন্তে জীৱনৰ সকলো দুখ-কষ্ট পাহৰি আপুনিও উদযাপন কৰিব পাৰিব জীৱন। তেন্তে আহক আমিও সংগীতৰ জৰিয়তে উপভোগ কৰো জীৱন।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

seventeen + 1 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.