খেলভাৰত

ভাৰতীয় ক্ৰীড়া জগতত শূণ্যতা, গুচি গ’ল ‘উৰন্ত শিখ’

নিশা ১১ বজাত শেষ নিশ্বাস ত্যাগ কৰে এথলীটগৰাকীয়ে

অৱশেষত মৃত্যুৰে হাৰ মানিলে কিংবদন্তী এথেলেটিকছ ‘উৰন্ত শিখ’ খ্যাত মিলখা সিঙে৷ প্ৰায় এমাহ ধৰি কৰ’ণাৰ সৈতে যুঁজ দিয়াৰ অন্তত শুকুৰবাৰে নিশা ১১ বজাত শেষ নিশ্বাস ত্যাগ কৰে এথলীটগৰাকীয়ে ৷

ভাৰতীয় ক্ৰীড়া জগতক উকা কৰি ‘উৰন্ত শিখ’ মিলখা সিঙৰ ৯১ বছৰ বয়সত মহাপ্ৰয়াণ ঘটে শুকুৰবাৰে নিশা ১১বাজি ৩০মিনিটত ৷ তেখেতৰ মৃত্যুৰ লগে-লগে অন্ত পৰিল এটা যুগৰ ৷ ক’ভিডৰ সৈতে যুজঁ দি কিছুদিন পূৰ্বে সুস্থ হৈ ঘৰলৈ উভতিছিল এথলীটগৰাকী ৷ কিন্ত শুকুৰবাৰে পুৱা পুনৰ অক্সিজেনৰ পৰিমাণ কমি যোৱাত পৰিয়ালৰ লোকে সংকটজনক অৱস্থাত ভৰ্তি কৰিছিল চিকিৎসালয়ত৷

ভাৰতীয় ক্ৰীড়া জগতত শূণ্যতা, গুচি গ'ল 'উৰন্ত শিখ'

মিলখা সিং(প্ৰতীকী ফটো)

১৯২৯ চনৰ ২০নৱেম্বৰত পাঞ্জাৱৰ গোবিন্দপুৰত জন্ম হৈছিল প্ৰখ্যাত দৌৰবিদজনৰ৷ ভাৰতীয় সেনাত কৰ্মৰত হৈ থকাৰ সময়তে খেলৰ জগতত প্ৰৱেশ কৰিছিল মিলখা সিঙে৷ কমনৱেলথ গেমছত ব্যক্তিগত শাখাত এথেলেটিকচত স্বৰ্ণ পদক লাভ কৰা ভাৰতৰ একমাত্ৰ পুৰুষ আছিল মিলখা সিং৷

ভাৰতীয় ক্ৰীড়া জগতত শূণ্যতা, গুচি গ'ল 'উৰন্ত শিখ'

মিলখা সিং(প্ৰতীকী ফটো)

খেলপথাৰত বতাহৰ গতিত দৌৰি খলকনি তুলিছিল মিলখা সিঙে। তেখেত আছিল প্ৰথম ভাৰতীয় খেলুৱৈ যিয়ে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ভাৰতক প্ৰতিনিধিত্ব কৰি কঢ়িয়াই আনিছিল বহু সন্মান। এছিয়ান গেইমছত ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰি ৫টাকৈ স্বৰ্ণ পদক আজুৰি আনিবলৈ সক্ষম হৈছিল মিলখা সিং ৷ তেখেতে ১৯৬০ চনৰ ৰোম অলিম্পিকত ৪০০মিটাৰ দৌৰৰ ফাইনেলত চতুৰ্থ স্থান লাভ কৰিবলৈ সক্ষম হৈছিল ৷

ভাৰতীয় ক্ৰীড়া জগতত শূণ্যতা, গুচি গ'ল 'উৰন্ত শিখ'

মিলখা সিং(প্ৰতীকী ফটো)

দেশৰ বাবে আগবঢ়োৱা অতুলনীয় বৰঙণিৰ বাবে ভাৰত চৰকাৰে তেখেতক প্ৰদান কৰিছিল পদ্মশ্ৰী সন্মান ৷ কিংবদন্তি ক্ৰীড়াবিদজনৰ মৃত্যুত এতিয়া দুখ প্ৰকাশ কৰিছে সমগ্ৰ ভাৰতবাসীয়ে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও টুইট যোগে গভীৰ শোকপ্ৰকাশ কৰে৷ ‘উৰন্ত শিখ’ মিলখা সিঙৰ দেহাৱসান ভাৰতবৰ্ষৰ বাবে এক অপূৰণীয় ক্ষতি।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

nineteen − 17 =

Back to top button