Socialঅসমজীৱনশৈলী

ৰাখী বন্ধনত ভগ্নীক কি উপহাৰ দিলে মুখ্যমন্ত্ৰীয়ে?

দিছপুৰৰ মন্ত্ৰী কলনীৰ উদ্যানত ৰাখী বন্ধন উপলক্ষে আয়োজন কৰা হৈছে বিশেষ কাৰ্যসূচী

আজি পৱিত্ৰ ৰাখী বন্ধন। সমগ্ৰ দেশজুৰি পালন কৰা হৈছে এই পৱিত্ৰ উৎসৱ ৰাখী বন্ধন। ভাতৃ-ভগ্নীৰ মাজৰ সম্পৰ্ক সুদৃঢ় কৰাৰ উদ্দেশ্যে পালন কৰা হয় এই উৎসৱ।

এই দিনটোত বায়েক-ভনীয়েকে নিজৰ ককায়েক-ভায়েকক ৰাখী পিন্ধাই, ককায়েক-ভায়েকৰ মংগল কামনা কৰে। সমগ্ৰ দেশৰ লগতে অসমতো উদযাপন কৰা হৈছে এই পৱিত্ৰ উৎসৱ। দিছপুৰৰ মন্ত্ৰী কলনীৰ উদ্যানত ৰাখী বন্ধন উপলক্ষে আয়োজন কৰা হৈছে বিশেষ কাৰ্যসূচী। এই পৱিত্ৰ দিনটোত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ৰাখী পিন্ধালে তেখেতৰ ভগ্নীসকলে।

অনুষ্ঠানত যথেষ্ট উৎফুল্লিত হোৱা পৰিলক্ষিত হ’ল মুখ্যমন্ত্ৰীগৰাকীক। ৰাখী পিন্ধি ভগ্নীক একোখনকৈ ভাগৱত গীতা উপহাৰ দিলে মুখ্যমন্ত্ৰীয়ে। ৰাখী পিন্ধাই সকলোৱে মুখ্যমন্ত্ৰীৰ দীৰ্ঘায়ু আৰু মংগল কামনা কৰিলে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

7 + 3 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.