বলিউড

আলিয়াৰ পিছত অনন্যাৰ সৈতে নতুন সম্পৰ্ক ৰণবীৰ কাপুৰৰ!

অনন্যাৰ পোষ্টটোৰ পিছতেই সামাজিক মাধ্যমত সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ

আলিয়াৰ পিছত অনন্যাৰ সৈতে নতুন সম্পৰ্ক ৰণবীৰ কাপুৰৰ

শেহতীয়াকৈ অনন্যা পাণ্ডেয়ে ছবি ‘লিগাৰত’ বিজয় দেৱেৰাকোণ্ডাৰ সৈতে স্ক্ৰীণ স্পেচ শ্বেয়াৰ কৰিছিল। ছবিখনে বক্স অফিচত বিশেষ একো প্ৰদৰ্শন কৰা নাছিল যদিও দুয়োৰে যুটি একেলগে ভাল পাইছিল দৰ্শকে। মুক্তিৰ পিছত লিগাৰ ফ্লপ হোৱাৰ লগে লগে আনন্যাই ব্যস্ত হৈ পৰিছে আন এক নতুন প্ৰজেক্টত। পৰৱৰ্তী ছবিত এতিয়া ৰণবীৰ কাপুৰৰ বিপৰীতে দেখা যাব নেকি অনন্যাক?

অনন্যা পাণ্ডেয়ে শেহতীয়াকৈ ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছে ৰণবীৰ কাপুৰৰ সৈতে ফটো। তাত উল্লেখ কৰিছে যে ৰণবীৰ কাপুৰ অনন্যাৰ নতুন ভাল বন্ধু। ৰণবীৰৰ সৈতে মুহূৰ্ত আপলোড কৰি নতুনকৈ গঢ়ি উঠা সম্পৰ্কৰ কথা কেপচনত দিয়ে অনন্যাই।

অনন্যাৰ পোষ্টটোৰ পিছতেই সামাজিক মাধ্যমত সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ। এতিয়া সকলোৰে মাজত উৎকন্ঠা বাঢ়িছে যে
অনন্যাৰ সৈতে নতুন ছবিত দেখা যাব নেকি ৰণবীৰ কাপুৰক?

ইনষ্টাগ্ৰাম পোষ্টত অভিনেত্ৰী অনন্যা পাণ্ডেক ৰণবীৰ কাপুৰৰ সৈতে অতি সুখী দেখা গৈছে। ফটো শ্বেয়াৰ কৰি অনন্যাই কেপচনত লিখিছে – নতুন দিন, নতুন শ্বুট, নতুন বন্ধু। একে সময়তে এই ছবিখন ওলোৱাৰ লগে লগে এতিয়া জল্পনা-কল্পনা কৰা হৈছে যে দুয়োকে একেলগে এখন ছবিত দেখা যাব। অৱশ্যে অনন্যাই এতিয়ালৈকে প্ৰকাশ কৰা নাই বিজ্ঞাপনৰ শ্বুটিং কৰিছে নে ছবিৰ শ্বুটিং কৰিছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

5 + twenty =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.