অসমদৈনিক বাতৰি

খবৰ সংগ্ৰহ কৰি কৰি নিজেই খবৰ হৈ পৰিল সাংবাদিক সুব্ৰত কাকতি

অসমৰ এটা চেটেলাইট চেনেলৰ লখিমপুৰ বিহপুৰীয়াৰ সংবাদদাতা আছিল সুব্ৰত কাকতি। আজি পুৱা গুৱাহাটীত মৃত্যুক আকোৱালি লয় সুব্ৰতয়ে।

অসমৰ এটা চেটেলাইট চেনেলৰ লখিমপুৰ বিহপুৰীয়াৰ সংবাদদাতা আছিল সুব্ৰত কাকতি। আজি পুৱা গুৱাহাটীত মৃত্যুক আকোৱালি লয় সুব্ৰতয়ে।

উল্লেখযোগ্য যে, বিগত বৰ্ষৰ ১৩ নৱেম্বৰত লখিমপুৰৰ হাৰমতিত ছাত্ৰ সন্থাৰ অধিৱেশনৰ মুকলি সভাত সংবাদ সংগ্ৰহ কৰি থকাৰ সময়তে হঠাৎ অসুস্থ হৈ পৰিছিল সুব্ৰত।

তেখেতক ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যোৱা হৈছিল আৰু প্ৰাথমিক চিকিৎসাৰ অন্ততঃ এম্বুলেন্স যোগে ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়লৈ লৈ যোৱা হয়।

ECG ত ধৰা পৰে সুব্ৰতৰ হাৰ্ট এটেক হোৱা বুলি। প্ৰায় এপষেক চিকিৎসাৰ অন্ততঃ স্বাস্থ্য কিছু সুস্থিৰ হোৱাত গুৱাহাটীৰ হেল্থ চিটি হস্পিতাললৈ লৈ যোৱা হয় আৰু তাতে তেওঁৰ হাৰ্টৰ অস্ত্ৰোপচাৰ সম্পন্ন হয়।

দীৰ্ঘদিন চিকিৎসাৰ অন্ততঃ সুস্থ হৈ ধৰলৈ উভতিছিল। যোৱা নিশা চেক আপৰ বাবে ৰেলযোগে পত্নীৰ সৈতে গুৱাহাটীলৈ ৰাওনা হৈছিল সুব্ৰত। গুৱাহাটী ৰেলৱে ষ্টেচন পোৱাৰ লগে-লগে তাতেই অসুস্থ পৰে আৰু ক্ৰমাৎ সংজ্ঞাহীন হৈ পৰে।

ততাতৈয়াকৈ নেমকেয়াৰ হাস্পতাললৈ লৈ যোৱা হয় যদিও ইতিমধ্যেই মৃত্যুক আকোৱালি লয় সুব্ৰতে। সুব্ৰত কাকতিৰ এনে অকাল বিয়োগৰ খবৰ লাভ কৰি কান্দোনত ভাগি পৰিছে পৰিয়ালৰ লগতে শুভাকাংক্ষী।

অমায়িক স্বভাৱৰ সুব্ৰত কাকতিৰ মৃত্যুত মৃয়মান হৈ পৰিছে বিহপুৰীয়া,পথালি পাহাৰ আৰু বৰবালিৰ বৃহৎ অঞ্চল ৷

এই খবৰ লাভৰ পিছতে লখিমপুৰৰ সাংবাদিক মহলৰ মাজতো বৈছে শোকৰ বন্যা। উল্লেখযোগ্য যে, মৃত্যুৰ সময়ত তেওঁ পত্নী সহ মাতৃ, ককায়েক আৰু বৌয়েক ভটিজীক এৰি থৈ যায় ইহ সংসাৰত।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

5 × three =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.