অসমবোলছবিশিল্পীসংগীতসংস্কৃতি

লক্ষীমপুৰৰ বিশ্ব টকিজে গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ

বিশ্ব টকিজ'ৰ স্বত্বাধিকাৰীয়ে নিজ হাতেৰে ধন দিব গৰিমা শইকীয়া গাৰ্গক

দৈনিক ৯৪ টা ছবিগৃহত ৪৫৬ টা দৰ্শনীৰে প্ৰদৰ্শিত হʼব জুবিন গাৰ্গৰ সপোনৰ ছবি ‘ৰৈ ৰৈ বিনালে’। ছবিখনক লৈ বিপুল সঁহাৰি অনুৰাগীৰ।

সমান্তৰালভাবে লক্ষীমপুৰ চহৰৰ চাৰিটাকৈ ছবি গৃহত প্ৰদৰ্শিত হʼব ৰৈ ৰৈ বিনালে। তাৰ মাজতে লক্ষীমপুৰৰ বিশ্ব টকিজে গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ। ৰৈ ৰৈ বিনালে ছবিখনৰ লাভৰ এটা অংশ তেওঁলোকে আগবঢ়াব গৰিমা শইকীয়া গাৰ্গলৈ। বিশ্ব টকিজ’ৰ স্বত্বাধিকাৰীয়ে নিজ হাতেৰে ধন দিব গৰিমা শইকীয়া গাৰ্গক। বিশ্ব টকিজত প্ৰতিদিনে চলিব ৫ টাকৈ দৰ্শনী। ইতিমধ্যে ছবিখনৰ মুক্তিৰ চাৰিদিনৰ বাবে হাউচ ফুল হৈ পৰিছে ছবি গৃহটোত। আগতে চিনেমাৰ প্ৰতি দৰ্শকৰ এনে অনুৰাগ কেতিয়াও দেখা নাই বুলি বিশ্ব টকিজৰ কৰ্মীয়ে ব্যক্ত কৰে। জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জনাই চিনেমা হলটোৱে গ্ৰহণ কৰিছে এই বিশেষ পদক্ষেপ।

prathamkhabarnews

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

fifteen + 5 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.