অসমঅসম আৰক্ষী

সুঠাম চেহেৰাৰ হাঁহিমুখীয়া মানুহজন গ’লগৈ, মানৱ দৰদী আৰক্ষী বিষয়া মস্কো শইকীয়াৰ মৃত্যুত শোকৰ ছাঁ

কিন্তু সকলোৰে লগত মিলি-জুলি, সকলোকে মৰম দি ভাল পোৱা মানুহজন আৰু নাই। সকলোকে কন্দুৱাই শনিবাৰে তেওঁ গ'লগৈ। হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃত্যুক সাৱটিলে আৰক্ষী বিষয়া মস্কো শইকীয়াই। GMCHত মৃত্যু আৰক্ষী বিষয়াগৰাকীৰ।

হাঁহিমুখীয়া মুখেৰে এজন সুঠাম ব্যক্তি। খোলা মনৰ অধিকাৰী, মানৱ দৰদী আৰক্ষী বিষয়া মস্কো শইকীয়াৰ নাম বহুতৰে বাবে চিনাকী। ব্যক্তিত্বই যাৰ পৰিচয়। মানুহজনক এবাৰ দেখিলে সহজতে পাহৰিব নোৱাৰে কোনোৱে।

কিন্তু সকলোৰে লগত মিলি-জুলি, সকলোকে মৰম দি ভাল পোৱা মানুহজন আৰু নাই। সকলোকে কন্দুৱাই শনিবাৰে তেওঁ গ’লগৈ। হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃত্যুক সাৱটিলে আৰক্ষী বিষয়া মস্কো শইকীয়াই। GMCHত মৃত্যু আৰক্ষী বিষয়াগৰাকীৰ।

সুঠাম চেহেৰাৰ হাঁহিমুখীয়া মানুহজন গ'লগৈ, মানৱ দৰদী আৰক্ষী বিষয়া মস্কো শইকীয়াৰ মৃত্যুত শোকৰ ছাঁ

মঙলদৈ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আছিল মস্কো শইকীয়া। শনিবাৰে নিশা হঠাৎ শাৰীৰিকভাৱে অসুস্থ হৈ পৰাত আৰক্ষী বিষয়াগৰাকীক GMCHলৈ লৈ অহা হয় যদিও অৱশেষত শেষ নিশ্বাস ত্যাগ কৰে তেওঁ।

শইকীয়াৰ মৃত্যুত এতিয়া দৰঙত শোকৰ ছাঁ। সুদক্ষ সৰবৰহী, সংস্কৃতিবান, এজন মানৱ দৰদী আৰক্ষী বিষয়া আছিল মস্কো শইকীয়া৷ তেখেতৰ মৃত্যুত বিভিন্ন দল-সংগঠন, অনুষ্ঠান-প্ৰতিষ্ঠানৰ প্ৰকাশ কৰিছে শোক।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

four × one =

Back to top button