অপাৰেশ্যন গংগা: বায়ুসেনাৰ বিমানেৰে বিদেশৰ পৰা স্বদেশলৈ আহিল ভাৰতীয় নাগৰিক…
কেন্দ্ৰীয় চৰকাৰৰ অপাৰেশ্যন গংগাৰ অধীনত চলোৱা উদ্ধাৰ অভিযানত সফল হৈছে চৰকাৰ
যুদ্ধ বিধ্বস্ত ইউক্ৰেইনৰ পৰা ভাৰতীয়ক উদ্ধাৰৰ বাবে প্ৰতিজ্ঞাবদ্ধ ভাৰত চৰকাৰ। যিকোনো পৰিস্থিতিতে সকলো ভাৰতীয়ক স্বদেশলৈ উভতাই আনিবৰ বাবে চেষ্টা চলাইছে কেন্দ্ৰীয় চৰকাৰে।
বৃহস্পতিবাৰে নিশা আৰু শুকুৰবাৰে পুৱা ইউক্ৰেইনৰ পৰা ৬৩০জন ভাৰতীয়ক লৈ স্বদেশলৈ উভতি আহিল ভাৰতীয় বায়ুসেনাৰ তিনিখন C-17 বিমান। কেন্দ্ৰীয় চৰকাৰৰ অপাৰেশ্যন গংগাৰ অধীনত চলোৱা উদ্ধাৰ অভিযানত সফল হৈছে চৰকাৰ। শুকুৰবাৰে, টুইটযোগে ভাৰতীয় বায়ুসেনাই জনায় ৬৩০ গৰাকী ভাৰতীয়ক ইউক্ৰেইনৰ পৰা উদ্ধাৰ কৰাৰ কথা।
Three more #IAF C-17 aircraft returned to Hindan airbase late last night and early morning today carrying Ukraine conflict affected 630 Indian nationals, using airfields in Romania and Hungary. pic.twitter.com/YLZwFSzfvD
— Indian Air Force (@IAF_MCC) March 4, 2022
শুকুৰবাৰে কেন্দ্ৰীয় মন্ত্ৰী ভিকে সিঙে জনায় যে, বিগত তিনি দিনত প্ৰত্যেকখনতে ২০০গৰাকী ভাৰতীয় নাগৰিকক লৈ ভাৰতলৈ উৰা মাৰিল সাতখন বিমান। আনহাতে, ইউক্ৰেইনৰ পৰা পলাই অহাৰ পাছতে প’লেণ্ডৰ ৰাজধানী চহৰ ৱাৰশ্ব’ত উপস্থিত হোৱা ভাৰতীয় ছাত্ৰসকলে প’লেণ্ডত নিজৰ বন্ধুবৰ্গ অথবা আত্মীয়ৰ সৈতে থকাৰ কথাও উল্লেখ কৰে অসামৰিক বিমান পৰিবহনৰ মন্ত্ৰীয়ে। তথ্য অনুসৰি, এতিয়ালৈকে ৯,০০০ ভাৰতীয় লোকক ইউক্ৰেইনৰ পৰা লৈ অহা হৈছে।

