অসমগুৱাহাটীদৈনিক বাতৰিভাৰতশিল্পীসংগীতসংস্কৃতি

মিউজিচিয়ান গৌৰৱ বনিয়াৰ দেহাৱসান, গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত শেষ নিঃশ্বাস ত্যাগ বাদ্যযন্ত্ৰীগৰাকীৰ

বিশিষ্ট অভিনেতা ইন্দ্ৰ বণিয়া আৰু অভিনেত্ৰী মিনু বণিয়াৰ পুত্ৰ অসমৰ এজন উদীয়মান সংগীতকাৰ গৌৰৱ বণিয়াৰ আজি মৃত্যু ঘটে।

যোৱা জুলাইৰ পৰা জটিল ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকা গৌৰৱৰ আজি দিনৰ প্ৰায় ১২.২০বজাত GMCHত মৃত্যু ঘটে।

৪ দিন পূৰ্বে GMCHত ভৰ্তি কৰোঁৱা হৈছিল গৌৰৱক।

ইয়াৰ পূৰ্বে মুম্বাইৰ কোকিলাবেন হাস্পতালত চিকিৎসাধীন হৈ আছিল গৌৰৱ।

জাহ্নু বৰুৱাৰ আন্তঃৰাষ্ট্ৰীয়ভাৱে খ্যাত ছবি ‘হালধীয়া চৰায়ে বাওধান খাই’ত মূল চৰিত্ৰ ইন্দ্ৰ বনিয়াৰ পুতেকৰ চৰিত্ৰটো ৰূপায়ণ কৰিছিল গৌৰৱে।

প্ৰতিভাৱান অভিনয় শিল্পী তথা সংগীতকাৰ গৌৰৱৰ অকাল মৃত্যুত ম্ৰিয়মান হৈ পৰিছে অসমৰ সাংস্কৃতিক জগত।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

5 + thirteen =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.