অসমআঞ্চলিক

অসম আন্দোলনৰ শ্বহীদক হত্যাকাৰী আখ্যা দি গ্ৰেপ্তাৰ হ’ল কংগ্ৰেছী বিধায়ক শ্বেৰমান আলী…

জাতীয় শ্বহীদ দয়ানাথ শৰ্মাকো ঘাতক আখ্যা দিছিল বিধায়ক শ্বেৰমানে

শ্বহীদক অপমানসূচক মন্তব্য কৰি ৰঙাঘৰলৈ বিধায়ক শ্বেৰমান আলী। কিছুদিন পূৰ্বে অসম আন্দোলনৰ শ্বহীদ সন্দৰ্ভত বিতৰ্কিত মন্তব্য প্ৰদান কৰিছিল বাঘবৰৰ কংগ্ৰেছৰ বিধায়কগৰাকীয়ে।

৩০ ছেপ্টেম্বৰত বিধায়ক শ্বেৰমান আলীয়ে দিয়া মন্তব্যৰ পিছতেই ৰাজ্যজুৰি সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ। আনকি কংগ্ৰেছ দলেও বিধায়কগৰাকীলৈ কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰিছিল। ৰাজ্যৰ ভিন্ন স্থানত শ্বেৰমান আলীৰ বিৰুদ্ধে ৰুজু কৰা গোচৰৰ ভিত্তিতেই শনিবাৰে নিশা দিছপুৰৰ বিধায়ক আৱাসগৃহৰ পৰা বিধায়কগৰাকীক গ্ৰেপ্তাৰ কৰে পাণবজাৰ আৰক্ষীয়ে। পাণবজাৰ থানাৰ 510/21 নম্বৰৰ গোচৰত গ্রেপ্তাৰ কৰা হৈছে আলীক। বৰ্তমান পাণবজাৰ আৰক্ষীৰ জিম্মাতেই আছে শ্বেৰমান আলী।

উল্লেখ্য যে, ৰাজ্যৰ বিভিন্ন স্থানত বিধায়কগৰাকীৰ বিৰুদ্ধে দাখিল কৰা হৈছিল এজাহাৰ। ১৯৮৩ চনৰ অসম আন্দোলনৰ সময়ত শ্বহীদ হোৱাসকলক হত্যাকাৰী হিচাপে বিতৰ্কিত মন্তব্য কৰিছিল শ্বেৰমান আলীয়ে। জাতীয় শ্বহীদ দয়ানাথ শৰ্মাকো ঘাতক আখ্যা দিছিল বিধায়ক শ্বেৰমানে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

2 + four =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.