অসমগুৱাহাটীসাহিত্য

প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱৰ সফল পৰিসমাপ্তি

প্ৰদান কৰা হʼল কেইবাটাও গুৰুত্বপূৰ্ণ বঁটা

সামৰণি পৰিল প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱ’২০২৫। মনেশ্বৰ দেউৰী, শ্ৰুতস্বিনী তামুলীক প্ৰাগজ্যোতিষপুৰ সাহিত্য বঁটা -২০২৫ প্ৰদান। তিৱা সমাজ, সাহিত্য, সংস্কৃতি তথা ইতিহাসৰ গৱেষক-পণ্ডিত, বিশিষ্ট নিবন্ধকাৰ মনেশ্বৰ দেউৰী আৰু উদীয়মান গল্পকাৰ, ‘জালখাৰ’ শীৰ্ষক গল্প সংকলনৰ স্ৰষ্টা স্ৰোতস্বিনী তামুলীক দেওবাৰে প্ৰদান কৰা হ’ল ২০২৫ বৰ্ষৰ ক্ৰমে প্ৰাগজ্যোতিষপুৰ সাহিত্য বঁটা আৰু প্ৰাগজ্যোতিষপুৰ যুৱ সাহিত্য বঁটা। গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ প্ৰাংগনত আয়োজিত প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱ’২০২৫ৰ এক গাম্ভীৰ্যপূৰ্ণ সামৰণি অনুষ্ঠানত দুয়োগৰাকী সাহিত্যিকক এই বঁটাৰে বিভূষিত কৰা হয়। প্ৰাগজ্যোতিষপুৰ সাহিত্য বঁটা’২০২৫ প্ৰাপক মনেশ্বৰ দেউৰীয়ে বিগত কেবা দশক ধৰি অসমীয়া সাহিত্যৰ লগতে সংস্কৃতি-ইতিহাস গৱেষণাৰ ভড়াল টনকিয়াল কৰাত নিজকে ব্যস্ত ৰাখিছে। প্ৰাগজ্যোতিষপুৰ সাহিত্য বঁটা প্ৰাপক মনেশ্বৰ দেউৰীক মানপত্ৰ, চেলেং চাদৰেৰে সম্ভাষণ জনোৱাৰ লগতে নগদ ধন আগবঢ়োৱা হয়। প্ৰাগজ্যোতিষপুৰ যুৱ সাহিত্য বঁটা লাভ কৰা বীৰাংগনা সতী সাধনী ৰাজ্যিক বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্ৰী শ্ৰুতস্বিনী তামুলীয়েও মানপত্ৰ, চেলেং চাদৰৰ লগতে নগদ ধন ৰাশি লাভ কৰে।

প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱ’২০২৫ৰ সামৰণি অনুষ্ঠান তথা বঁটা বিতৰণী সভাত মুখ্য অতিথি ৰূপে উপস্থিত থাকে সাহিত্য অকাডেমি বঁটা বিজয়ী সাহিত্যিক ডাঃ অপূৰ্ব কুমাৰ শইকীয়া। প্ৰাগজ্যোতিষপুৰ সাহিত্য বঁটা’২০২৫ গ্ৰহণ কৰি বিশিষ্ট গৱেষক -নিবন্ধকাৰ মনেশ্বৰ দেউৰীয়ে কয় যে, বহু ঘাত প্ৰতিঘাতৰ জড়িয়তে আহি নিজস্ব জাতি সত্বাৰ অনুসন্ধান কৰি যি সাহিত্য কৃতি সৃষ্টি কৰিছো তাৰ বাবে প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱে দিয়া সন্মানত মই অভিভূত হৈ পৰিছো ৷ নামনি অসমৰ বহু ঘটনা পৰিঘটনা সন্নিবিষ্ট কৰি কিতাপ প্ৰকাশ কৰিছো আৰু অসমৰ সামগ্ৰিক বুৰঞ্জী অধ্যয়ণত ই সহায় কৰিব বুলি মই আশাবাদী ৷ প্ৰাগজ্যোতিষপুৰ যুৱ সাহিত্য বঁটা গ্ৰহণ কৰি উদীয়মান গল্পকাৰ স্ৰোতস্বিনী তামুলীয়ে সাহিত্য সৃষ্টিৰ আৰম্ভণিতে প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱে তেওলৈ আগবঢ়োৱা বঁটাই সাহিত্য সৃষ্টিৰ ক্ষেত্ৰত আৰু অধিক দায়িত্ব বঢ়ালে বুলি মন্তব্য কৰে ৷ তিনিদিনীয়াকৈ কলাক্ষেত্ৰ প্ৰাংগনত আয়োজিত প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱ’২০২৫ৰ অন্তিম দিনৰ আন এক আকৰ্ষণীয় কাৰ্যসূচী আছিল ঔপন্যাসিক বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ সৃষ্টিৰাজিৰ বিশ্লেষণাত্মক আলোচনা। প্ৰখ্যাত সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰী, স্তম্ভ লেখক ৰূপম বৰুৱা, গল্পকাৰ প্ৰাঞ্জল শৰ্মা বশিষ্ঠ আৰু স্মৃতিৰেখা ভূঞাই অংশ লয় এই বিশেষ আলোচনাত। আজিৰ আন এক গুৰুত্বপূৰ্ণ কাৰ্যসূচী আছিল বিশিষ্ট প্ৰকৃতিবিদ সৌম্যদীপ দত্তৰ সঞ্চালনাত অনুষ্ঠিত প্ৰকৃতি সাহিত্য বিষয়ক এক কৰ্মশালা। প্ৰকৃতি বিষয়ক সাহিত্য‌ই সমাজখনক কেনেদৰে প্ৰবুদ্ধ কৰিব পাৰে তাৰ সাৱলীল বাখ্যা আগবঢ়ায় প্ৰকৃতি সংৰক্ষক দত্তই। ….অসমীয়া অনুবাদ সাহিত্যৰ পৰিধি ভাঙি আগবঢ়া যাত্ৰাক লৈ আন এক মননশীল আলোচনাত মিলিত হয় অসমীয়া অনুবাদ সাহিত্য জগতৰ চাৰি গৰাকীকৈ পুৰোধা ব্যক্তিয়ে। সাহিত্য অকাডেমি অনুবাদ সাহিত্য বঁটা প্ৰাপকদ্বয় বিপুল দেউৰীৰ সঞ্চালনাত অনুষ্ঠিত, দিগন্ত বিশ্ব শৰ্মাই কয় যে, “অনুবাদ সাহিত্য নহয়, অনুবাদ মৌলিক সাহিত্য ৷ সংস্কৃত মানুহৰ দৈনন্দিন ভাষা নহয়, তথাপি আমি সংস্কৃতক উপেক্ষা কৰিব নোৱাৰো ৷ আমাৰ প্ৰাদেশিক ভাষা জীয়াই ৰাখিবলৈ সংস্কৃত ভাষা জীয়াই ৰাখিব লাগিব৷” উক্ত অনুষ্ঠানত উদীয়মান অনুবাদক ডাঃ নয়নজ্যোতি শৰ্মাই অসমীয়া অনুবাদ সাহিত্যৰ বিশাল পৰিসৰৰ সম্ভাৱনাৰ ওপৰত আলোকপাত কৰে ৷

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

2 + 15 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.