
ৰাজ্যৰ ভিন্ন প্ৰান্তত বতৰে কালৰূপ ধাৰণ কৰিছে।ইয়াৰ সমান্তৰালকৈ মহানগৰীতো বতৰে আজিৰ দিনটোত ভিন্ন ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে তাৰ মাজতেই আগন্তুক ৩ ঘণ্টাত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা সৰ্তকাবাণী জাৰি কৰা হৈছে ।আগন্তুক ৩ ঘণ্টাত ২১ খন জিলাত ধাৰাসাৰ বৰষুণৰ লগতে ধুমুহা বিজুলী-ঢেৰেকনীৰ অহাৰ পূৰ্ণ সম্ভাৱনা আছে।

ঘন্টাত ৫০-৬০ কিঃমিঃ বেগত ধুমুহা অহাৰ আগজাননী!দক্ষিণ শালমাৰা, মানকাছাৰ,ধুবুৰী , কোকৰাঝাৰ ,গোৱালপাৰা হাই এলাৰ্ট জাৰি কৰা হৈছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা।বঙাইগাওঁ, বৰপেটা, বাক্সা, চিৰাং নলবাৰীত হাই এলাৰ্ট জাৰি। কামৰূপ ,ওদালগুৰি ,শোণিতপুৰ ,কামৰূপ মেট্ৰ ,কাছাৰ,কৰিমগঞ্জ হাইলাকান্দিত হাই এলাৰ্ট।

লখিমপুৰ, ধেমাজি, ডিব্ৰুগড় ,তিনিচুকীয়া হাই এলাৰ্ট জাৰি কৰা হৈছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা ।পৰাপক্ষত যিমান পাৰে কোনো কাম নোহোৱাকৈ ওলাই নাযাব বাহিৰলৈ আনহাতে কাছাৰত বৰ্তমানেও প্ৰৱল বৃষ্টিপাত অব্যাহত যাৰ বাবে ৫ আগষ্ট অৰ্থাৎ আজিৰ দিনটোত কাছাৰৰ শিক্ষাঅনুষ্ঠানসমূহ বন্ধ ঘোষণা কৰে জিলা প্ৰশাসনে ।