অপৰাধবলিউড

পুনৰ বিপদত শিল্পা ছেট্টী-ৰাজ কুন্দ্ৰা, পিছে এইবাৰ গোচৰ পৰ্ণগ্ৰাফীৰ নহয়…

শিল্পা ছেট্টী আৰু ৰাজ কুন্দ্ৰাই আৰম্ভ কৰা এটা ফিটনেছ কোম্পানীৰ বিৰুদ্ধে এই অভিযোগ তুলিছে নিতিন বৰাই নামৰ এজন ব্যৱসায়ীয়ে। ইতিমধ্যে, বান্দ্ৰা আৰক্ষী থানাত নিতিন বৰায়ে ৰাজ-শিল্পাৰ বিৰুদ্ধে দাখিল কৰিছে এক এজাহাৰ।

বিপদে লগ এৰা নাই বলিউডৰ মোহময়ী অভিনেত্ৰী শিল্পা ছেট্টীক। পৰ্ণগ্ৰাফী গোচৰত গ্ৰেপ্তাৰ হৈ কিছুদিন পূৰ্বে শিল্পা ছেট্টীৰ স্বামী ৰাজ কুন্দ্ৰাই জামিন লাভ কৰাৰ পিছতে দুয়োৰে মুখত বিৰিঙিছিল সুখৰ হাঁহি। পিছে সুখৰ হাঁহি বিৰিঙিলেও পুনৰ অন্য এক নতুন বিপদে লগ দিছে শিল্পা ছেট্টী আৰু ৰাজ কুন্দ্ৰাক।

পিছে এইবাৰ পৰ্ণগ্ৰাফী গোচৰত নহয়, প্ৰৱঞ্চনাৰ গোচৰতহে অভিযুক্ত ৰাজ কুন্দ্ৰা আৰু শিল্পা ছেট্টী। দুয়োৰে বিৰুদ্ধে উত্থাপিত হৈছে ১.৫১ কোটি টকাৰ প্ৰৱঞ্চৱাৰ অভিযোগ।

শিল্পা ছেট্টী আৰু ৰাজ কুন্দ্ৰাই আৰম্ভ কৰা এটা ফিটনেছ কোম্পানীৰ বিৰুদ্ধে এই অভিযোগ তুলিছে নিতিন বৰাই নামৰ এজন ব্যৱসায়ীয়ে। ইতিমধ্যে, বান্দ্ৰা আৰক্ষী থানাত নিতিন বৰায়ে ৰাজ-শিল্পাৰ বিৰুদ্ধে দাখিল কৰিছে এক এজাহাৰ।

গোচৰ অনুসৰি, ফিটনেছ কোম্পানীৰ বাবে শিল্পা-ৰাজ কুন্দ্ৰাই দেশৰ বিভিন্ন ঠাইৰ বিনিয়োগকাৰীৰ পৰা প্ৰলোভন দেখুৱাই লৈছিল মোটা অংকৰ ধন। ফিটনেছ কোম্পানীৰ বাবে ১.৫১ টকা বিনিয়োগ কৰিছিল নিতিন বৰাই নামৰ লোকজনে। কিন্তু পৰৱৰ্তী সময়ত ভুক্তভোগী নিতিনে পূৰ্বে বিনিয়োগ কৰা ১.৫১ কোটি টকা ওভতাই বিচৰাত শিল্পা ছেট্টী আৰু ৰাজ কুন্দ্ৰাই ভয় ভাবুকি দিয়াৰ অভিযোগ তুলিছে নিতিনে।

নিতিন বৰাইৰ এজাহাৰৰ ওপৰত ভিত্তি কৰি শিল্পা ছেট্টী আৰু ৰাজ কুন্দ্ৰাৰ বিৰুদ্ধে মুম্বাইৰ বান্দ্ৰা আৰক্ষীয়ে গোচৰ ৰুজু কৰিছে। আৰক্ষীয়ে আইপিচিৰ ৪০৬, ৪০৯, ৪২০, ৫০৬, ৩৪ আৰু ১২০ (বি) ধাৰাৰ অধীনত গোচৰ ৰুজু কৰি জোৰদাৰ তদন্ত আৰম্ভ কৰিছে। এই গোচৰতো শীঘ্ৰেই জেৰাৰ সন্মুখীন হ’ব ৰাজ-শিল্পা।

উল্লেখ্য যে, কিছুদিন পূৰ্বে জামিন লাভ কৰা ৰাজ কুন্দ্ৰাক যোৱা সপ্তাহত পত্নী শিল্পাৰ সৈতে ৰাজহুৱা স্থানত দেখা পোৱা গৈছিল। বাৰে-বাৰে বিপদৰ সন্মুখীন হোৱা ৰাজ কুন্দ্ৰা-শিল্পাৰ বিৰুদ্ধে ৰুজু হোৱা এই নতুন গোচৰে কি ৰূপ ল’ব অথবা এই বিপদৰ পৰা দুয়োয়ে কেনেকৈ হাত সাৰিব সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ’ব।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

twenty − 19 =

Back to top button