Assamassam policeCrimeleatest updateSocial

দুৰ্ঘটনাত মৃত্যু হোৱা নাছিল ডিব্ৰুগড়ৰ যুৱতী মেহেক শৰ্মাৰ।

হত্যাকাণ্ডক দুৰ্ঘটনাৰ ৰূপ দিব খুজিছিল আজিজ আহমেদে।

দুৰ্ঘটনাত মৃত্যু হোৱা নাছিল ডিব্ৰুগড়ৰ যুৱতী মেহেক শৰ্মাৰ। হত্যা কৰা হৈছিল মেহেকক। দেওবাৰে পুৱা ডিব্ৰুগড়ৰ বাইপাছত উদ্ধাৰ হৈছিল যুৱতীগৰাকীৰ মৃতদেহ। প্ৰথম অৱস্থাত যুৱতী গৰাকী পথ দুৰ্ঘটনাত মৃত্যু হেৱা বুলি কোৱা হৈছিল। কিন্তু যুৱতীগৰাকীৰ মৃত্যুক এক দুৰ্ঘটনা বুলি সহযভাৱে ল’ব পৰা নাছিল মেহেকৰ মাতৃয়ে। সংবাদমাধ্য়মৰ আগত তেওঁ মেহেকক হত্যা কৰা হৈছে বুলিও উল্লেখ কৰিছিল। অৱশেষত প্ৰাথমিক তদন্তৰ অন্তত আৰক্ষীয়ে এই ঘটনাক হত্যা বুলি ঘোষণা কৰে।

সংবাদমেল জৰিয়তে ডিব্ৰুগড় আৰক্ষী অধীক্ষক শ্বেতাংক মিশ্ৰই ঘোষণা কৰে এই কথা। মেহেকৰ প্ৰেমিক আজিজ আহমেদেই হত্যা কৰিছিল মেহেকক।আৰক্ষীৰ জেৰাত এই বিস্ফোৰক স্বীকাৰোক্তি আজিজ আহমেদৰ। আজিজেই হত্যা কৰিছিল প্ৰেমিকা মেহেকক। হত্যাকাণ্ডক ৰূপ দিব খুজিছিল দুৰ্ঘটনাৰ। অভিযুক্ত আজিজক আদালতত হাজিৰ।
এই ঘটনাক কেন্দ্ৰ কৰি ডিব্ৰুগড়ত তীব্ৰ চাঞ্চল্য। তদন্তৰ স্বাৰ্থত সকলো কথা বৰ্তমান প্ৰকাশ কৰা নাই আৰক্ষীয়ে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

five × three =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.