জম্মু-কাশ্মীৰ

জম্মু-কাশ্মীৰত এনকাউণ্টাৰ: নিহত আৰক্ষীক হত্যা কৰা ৩ সন্ত্ৰাসবাদী…

সন্ত্ৰাসবাদীসকলৰ ভিতৰত এজনক জুনাইদ শীৰগোজৰী বুলি চিনাক্ত কৰা হৈছে। ১৩ মে'ত এজন আৰক্ষী বিষয়াক হত্যা কৰিছিল শীৰগোজৰীয়ে।

জম্মু-কাশ্মীৰত আৰক্ষীৰ এনকাউণ্টাৰ। এনকাউণ্টাৰত নিহত তিনি দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী। জম্মু-কাশ্মীৰৰ পুলৱামাৰ ড্ৰাবগাম অঞ্চলত সংঘটিত এই এনকাউণ্টাৰৰ ঘটনা।

 

সন্ত্ৰাসবাদীৰ পৰা উদ্ধাৰ কৰা হৈছে মৰণাস্ত্ৰ আৰু বিস্ফোৰক সামগ্ৰী। সন্ত্ৰাসবাদীসকলৰ ভিতৰত এজনক জুনাইদ শীৰগোজৰী বুলি চিনাক্ত কৰা হৈছে। ১৩ মে’ত এজন আৰক্ষী বিষয়াক হত্যা কৰিছিল শীৰগোজৰীয়ে।

 

উল্লেখ্য যে, নিহত আটাইকেইজন সন্ত্ৰাসবাদীয়েই হৈছে স্থানীয়। সন্ত্ৰাসবাদী সংগঠন লস্কৰ-ই-তৈবাৰ সদস্য তিনিও সন্ত্ৰাসবাদী। শনিবাৰে, বিয়লি ৬.৫৫ বজাত সংঘটিত হৈছিল আৰক্ষীৰ এনকাউণ্টাৰৰ ঘটনা।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

eleven − 2 =

Back to top button