অপৰাধঅসমআঞ্চলিক

পৰকীয়া প্ৰেমে আনিলে কাল! প্ৰেমিকৰ সৈতে মিলি স্বামীক হত্যা পত্নীৰ

বাক্সাৰ চুণবাৰীত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা

পৰকীয়া প্ৰেমে আনিলে কাল! প্ৰেমিকৰ সৈতে মিলি স্বামীক হত্যা পত্নীৰ…

বাক্সাৰ চুণবাৰীত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা৷ পত্নীৰ পৰকীয়া প্ৰেমেই কাল হ’ল স্বামীৰ৷ বাক্সা জিলাৰ গোৱৰ্দ্ধনা আৰক্ষী থানাৰ অন্তৰ্গত চুণবাৰী গাঁৱত সংঘটিত এই ঘটনা৷ পত্নীৰ প্ৰেমীক আৰু পত্নীয়ে মিলি হত্যা কৰি নৈত পেলাই দিয়ে স্বামীক৷ এই অভিযোগ উত্থাপিত কৰিছে পৰিয়াল তথা আত্মীয়ই৷

স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি চুণবাৰী গাঁৱৰ শাহাদত আলী নামৰ যুৱক এজনে গাঁওখনৰ জামাল উদ্দিনক হত্যা কৰি বেঁকী নৈত পেলাই দিয়াৰ সন্দেহ কৰিছে৷ তাৰ পিছতেই এতিয়া উদ্ধাৰ কৰিবলৈ SDRF বাহিনিয়ে উদ্ধাৰ অভিযান আৰম্ভ কৰিছে৷

পৰিয়ালৰ লোকে জানিবলৈ দিয়া মতে জামাল উদ্দিনৰ পত্নী জয় গননেছা আৰু শাহাদত আলীৰ মাজত বহুদিনৰে পৰা আছিল প্ৰেমৰ অবৈধ সম্পৰ্ক৷ যাৰ বাবে জামাল উদ্দিনক হত্যা কৰি সম্পৰ্ক গধুৰ কৰাৰ চেষ্টা কৰিছে পত্নী আৰু প্ৰেমীকে৷ বৰ্তমান ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলজোৰি তীব্ৰ সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ৷

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

3 × 4 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.