অপৰাধঅসমবোমা বিস্ফোৰণ

অভিশপ্ত ৩০ অক্টোবৰ। বিগত ১৪ টা বছৰে ভুক্তভোগীয়ে কেনেকৈ পাৰ কৰিছে জীৱন!

অসমে কেতিয়াও পাহৰিব নোৱাৰা এটা ক'লা দিন

অভিশপ্ত ৩০ অক্টোবৰ। দুঃসহ স্মৃতি আৰু ১৪ টা বছৰ। অসমে কেতিয়াও পাহৰিব নোৱাৰা এটা ক’লা দিন। এক ভয়ংকৰ বোমা বিস্ফোৰণত কঁপিছিল অসম। নিৰীহৰ তেজেৰে ফাঁকু খেলিছিল NDFBয়ে। ২০০৮ চনৰ ৰাজ্য কঁপোৱা সেই ধাৰাবাহিক বোমা বিস্ফোৰণে পাৰ কৰিলে ১৪ টা বছৰ। ২০০৮ চনৰ আজিৰ এই দিনটোতে অসমৰ চাৰি ঠাইত উগ্ৰপন্থীয়ে বোমা বিস্ফোৰণ কৰিছিল। NDFB বাহিনীয়ে অভিশপ্ত এই দিনটোতে খেলিছিল তেজৰ ফাঁকু। এই বোমা বিস্ফোৰণত বহুতো নিৰীহই প্ৰাণ হেৰুৱাৰ লগতে একাংশৰ জীৱনলৈ কঢ়িয়াই আনিছিল পঙ্গুত্ব।

 

বিগত ১৪ টা বছৰে অভিশপ্ত দিনটোত প্ৰাণ হেৰুৱা নিৰীহৰ পৰিয়ালে আজিও বুকুত কঢ়িয়াই ফুৰিছে দুঃসহ সেই স্মৃতি। সেই ভয়াবহ বিস্ফোৰণে কালনিশা নমাই অনা পৰিয়াল কেইটিৰ চকুত আজিও বৈ আছে চকুলো। নিজৰ আপোনজনক হেৰুৱাৰ বেদনাই আজিও আামনি কৰে তেওঁলোকক। ১৪ বছৰৰ আগৰ আজিৰ এই দিনটোতে বহুতে হেৰুৱাইছিল নিজৰ আত্মীয়ক। কোনেৱে যদি হেৰুৱাইছিল নিজৰ সন্তানক, কোনোৱে হেৰুৱাইছিল নিজৰ স্বামী, পত্নী, সহোদৰক, কোনো হৈছিল মাউৰা।

 

 

যোৱা ২৭ ছেপ্তেম্বৰত এই ধাৰাবাহিক বিস্ফোৰণৰ মুল নায়ক NDFBৰ নেতা ৰঞ্জন দৈমাৰীক যাৱজ্জীৱন কাৰাদণ্ড বিহিছিল উচ্চতম ন্যায়ালয়ে। কিন্তু এই ৰায়দানক লৈ সুখী নহয় ভুক্তভোগী। চৰকাৰে তেতিয়াই ভুক্তভোগীৰ পৰিয়ালক দিয়া সংস্থাপনৰ প্ৰতিশ্ৰুতি আজিও পুৰণ নকৰিলে। সেই অভিশপ্ত দিনটোত সৰ্বস্ব হেৰুৱা কোনোৱে যদি দিছে পাণ-তামোলৰ দোকান, কোনোৱে বিক্ৰী কৰিছে শাক-পাচলি।

 

আজিও এই বিস্ফোৰণত প্ৰাণ হেৰুৱাসকলক সুঁৱৰি গনেশগুৰি উৰণীয়া সেতুঁৰ তলত অনুষ্ঠিত কৰা হ’ব শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। লগতে অসমৰ বিভিন্ন প্ৰান্ততো আয়োজন শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

16 − 6 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.