উৎসৱ

আজি ষট্ পূজা, সূৰ্য আৰাধনা দিন। ষট্ পূজাৰ ৰীতি- নীতিসমূহ জানেনে?

এই বছৰ ৩০ অক্টোবৰ অৰ্থাৎ আজি ষট্ পূজা পালন কৰা হৈছে

হিন্দু বৰ্ষপঞ্জী অনুসৰি কাতি মাহৰ শুক্ল পক্ষৰ ষষ্ঠী তিথিত এই পূজা উদযাপন কৰা হয়। উত্তৰ ভাৰতৰ অন্যতম জনপ্ৰিয় উৎসৱ ষট্ পূজা ঘাইকৈ বিহাৰ,উত্তৰ প্ৰদেশ আদিত পালন কৰা হয় যদিও আজিকালি প্ৰায় সকলো ঠাইতে ইয়াৰ উদযাপন কৰা দেখা যায়।

Chhath - Wikipedia

 

এই বছৰ ৩০ অক্টোবৰ অৰ্থাৎ আজি ষট্ পূজা পালন কৰা হৈছে। আজিৰ দিনটোতে পুৱাৰে পৰা অৰ্ঘ্য প্ৰস্তুতি আৰম্ভ কৰা হয়। মানুহে পূজাৰ বাবে থেকুৱা, চাউলৰ পিঠাৰ দৰে প্ৰসাদ তৈয়াৰ কৰে। এই পূজাৰ নীতি-নিয়ম চাৰিদিন পালন কৰা হয়। ইয়াৰ ৰীতি সমূহৰ ভিতৰত পৱিত্ৰ স্নান, নিৰ্জলা ব্ৰত, বহু সময় পানীত সোমাই থকা, সূৰ্য প্ৰাৰ্থনা আৰু উদিত আৰু মাৰ যোৱা সূৰ্যক অৰ্ঘ্য প্ৰদান।

এই উৎসৱত ৩৬ ঘন্টা উপবাসে থকাৰ পিছত সূৰ্য দেৱতা আৰু ষট্ মাতাক আৰাধনা কৰা হয়। উপবাসী মহিলা সকলে সূৰ্যক অৰ্ঘ্য প্ৰদান কৰে। বিশ্বাস কৰা হয় যে,পৰিয়ালৰ সুখ-সমৃদ্ধি,শান্তি আৰু স্বাস্থ্য আদিৰ বাবে উপাবাস ৰখা হয়। সূৰ্যাস্তৰ অলপ আগতে গোটেই পৰিয়ালসহ নদীৰ ঘাটলৈ যায় আৰু অস্ত যোৱা সূৰ্যক অৰ্ঘ্য আগবঢ়াই। কিছুমান ভক্তয়ে নদীৰ ঘাটলৈ যাওঁ‌তে বাগৰি বাগৰি যোৱাৰ দৃশ্যও দেখা যায়। পূজা বিভিন্ন ফল মূল, মিঠাই আদিৰ লগতে পৰম্পৰাগত বিহাৰী লোকখাদ্য “ঠেকুৱা” প্ৰস্তুত কৰি নৈবেদ্য ৰূপে আগবঢ়োৱা হয়।

5 Easy Traditional Recipes For Chhath Puja 2022 - NDTV Food

ষট্ পূজাত কোনো মূৰ্তি উপাসনাৰ ঠাই নাই। ইয়াত ডুবিত আৰু উদিত সূৰ্যক পূজা কৰা হয়। মূলতঃ হিন্দু উৎসৱ যদিও কিছুমান মুছলমান বা আন ধৰ্মৰ মানুহেও এই পূজা অনুষ্ঠিত কৰে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

two × 2 =

Back to top button