Covid-19অৰ্থনৈতিকভাৰতস্বাস্থ্য

আমূলৰ পাছত এইবাৰে মাদাৰ ডেইৰীয়ে বৃদ্ধি কৰিলে দুগ্ধজাত সামগ্ৰীৰ মূল্য

কোম্পানীটোৰ সামগ্ৰিক ব্যয় বৃদ্ধি পোৱাৰ বাবে বৃদ্ধি পাইছে দুগ্ধজাত সামগ্ৰীৰ মূল্য

আমূলৰ পাছত এইবাৰ মাদাৰ ডেইৰীয়ে বৃদ্ধি কৰিলে গাখীৰৰ মূল্য। শেহতীয়াকৈ দিল্লী-এন চি আৰত ১১ জুলাইৰ পৰা কাৰ্যকৰী হোৱাকৈ গাখীৰৰ নতুন মূল্য নিৰ্ধাৰণ কৰা হৈছে।
উল্লেখ্য যে. আগশাৰীৰ গাখীৰ তথা দুগ্ধজাত সামগ্ৰীৰ যোগানকাৰী কোম্পানীটোৱে ইয়াৰ পূৰ্বেও বিগত বৰ্ষৰ ডিচেম্বৰ মাহত গাখীৰৰ মূল্য বৃদ্ধি কৰিছিল। কোম্পানীটোৰ সামগ্ৰিক ব্যয় বৃদ্ধি পোৱাৰ বাবে বৃদ্ধি পাইছে কোম্পানীটোৰ দুগ্ধজাত সামগ্ৰীৰ মূল্য।
মাদাৰ ডেইৰীৰ উন্নত মানৰ দুগ্ধজাত সামগ্ৰী যোগান ধৰি অহা বাবে গ্ৰাহকৰ সংখ্যা আগতকৈ অধিক বৃদ্ধি পাইছে। সেয়ে মূল্য বৃদ্ধিৰ পাছতো মাদাৰ ডেইৰীৰ গ্ৰাহকৰ সংখ্যা হ্ৰাস পোৱা নাই ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

nine − six =

Back to top button