উৎসৱ

পবিত্ৰ বৰদিনৰ পবিত্ৰ ক্ষণ, বিশ্বজুৰি উদযাপন যীশুখ্ৰীষ্টৰ জন্মদিন

প্ৰথম খ্ৰীষ্টিয়ান ৰোমান শাসক কনষ্টেন্টাইনৰ শাসনকালত পালন কৰা হৈছিল বৰদিন। যীশুখ্ৰীষ্টৰ জন্মদিনটো প্ৰত্যেক বছৰে পালন কৰাৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰিছিল পোপ জুলিয়াছে।

আজি পবিত্ৰ বৰদিন। বিশ্বজুৰি পালন কৰা হৈছে যীশুখ্ৰীষ্টৰ জন্মদিন। ক’ভিড-১৯ৰ ভয়াৱহতাৰ মাজতে পালন কৰিবলৈ লোৱা হৈছে এই বৰ্ষৰ বৰদিন।

৩৩৬ খ্ৰীষ্টপূৰ্বৰ ২৫ ডিচেম্বৰত প্ৰথমবাৰৰ বাবে পালন কৰা হৈছিল পবিত্ৰ বৰদিন। প্ৰথম খ্ৰীষ্টিয়ান ৰোমান শাসক কনষ্টেন্টাইনৰ শাসনকালত পালন কৰা হৈছিল বৰদিন। যীশুখ্ৰীষ্টৰ জন্মদিনটো প্ৰত্যেক বছৰে পালন কৰাৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰিছিল পোপ জুলিয়াছে।

তেতিয়াৰে পৰা সমগ্ৰ বিশ্বজুৰি খ্ৰীষ্টানধৰ্মী লোকসকলে উলহ-মালহেৰে পালন কৰে খ্ৰীষ্টমাছ অথবা বৰদিন। এই দিনটোত সকলোৱে গীৰ্জালৈ গৈ কেৰল পৰিৱেশন কৰে, প্ৰাৰ্থনা গাই পালন কৰে খ্ৰীষ্টমাছ। সকলোৱে লাইট, ফুলেৰে সজাই তোলে নিজৰ ঘৰ, গীৰ্জাঘৰ, দোকান-পোহাৰ।

আজিৰ এই পবিত্ৰ বৰদিনৰ দিনটোত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দেও দেশবাসীক জ্ঞাপন কৰিছে বৰদিনৰ শুভেচ্ছা।

বিশ্বৰ ভিন্ন স্থানত পালন কৰা বৰদিনৰ কেইখনমান ফটো:

আমেৰিকা যুক্তৰাষ্ট্ৰত বৰদিন উদযাপনৰ ফটো
ৰাছিয়াত বৰদিন উদযাপনৰ ফটো

 

UKত বৰদিন উদযাপনৰ ফটো

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

six + 11 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.