বলিউড

Husband-Wifeৰ ছবি বক্স অফিচত ছুপাৰহিট, Brahmastraৰ ধামাকা!

দ্বিতীয় দিন পৰ্যন্ত প্ৰায় ৮০ কোটি টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে Brahmastraই

Husband Wifeৰ ছবি বক্স অফিচত ছুপাৰহিট, Brahmastraৰ ধামাকা!

ৰণবীৰ কাপুৰ, আলিয়া ভাট অভিনীত ছবি Brahmastraই তোলপাৰ তুলিছে দৰ্শকৰ মাজত৷ ৯ ছেপ্টম্বৰত মুক্তি পাইছিল অয়ন মুখাৰ্জীয়ে পৰিচালনা কৰা ছবি ব্ৰহ্মাস্ত্ৰ৷ ছবিখনত আলিয়া, ৰণবীৰৰ উপৰিও ছুপাৰষ্টাৰ শ্বাহৰুখ খান, মেগাষ্টাৰ অমিতাভ বচ্চন, প্ৰবীণ অভিনেতা নাগাৰ্জুন আৰু মৌনি ৰয়ে অভিনয় কৰিছে৷ দ্বিতীয় দিন পৰ্যন্ত প্ৰায় ৮০ কোটি টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে Brahmastraই৷

মুক্তি পোৱাৰ লগে লগে বক্স অফিচত ৰেকৰ্ড ভাঙিছে ব্ৰহ্মাষ্ট্ৰই। অয়ন মুখাৰ্জীয়ে পৰিচালনা কৰা ব্ৰহ্মাস্ত্ৰ ছবিখনে মুক্তিৰ প্ৰথম দিনাই হিন্দী সংস্কৰণৰ জৰিয়তে প্ৰায় ৩২ কোটি টকা উপাৰ্জন কৰাৰ লগতে একে সময়তে ভাৰতৰ আন ভাষাত ছবিখনে প্ৰথম দিনাই ৪.৫ কোটি টকা উপাৰ্জন কৰে। ইয়াৰ উপৰিও দিল্লী-এনচিআৰ, কলকাতা, চণ্ডীগড় আদি চহৰতো ব্ৰহ্মাষ্ট্ৰই ভাল উপাৰ্জন কৰিছে। কিন্তু ৰাজস্থান, বিহাৰৰ দৰে ৰাজ্যৰ সূৰ্যবংশী আৰু আৰ আৰ আৰৰ দৰে এই ছবিখনেও বিশেষ সংগ্ৰহ কৰিবলৈ সক্ষম হোৱা নাই।

তাৎপৰ্যপূৰ্ণ কথাটো হ’ল, ৰণবীৰ কাপুৰ আৰু আলিয়া ভট্টৰ বাহিৰেও ছবিখনত মেগাষ্টাৰ অমিতাভ বচ্চনেও অভিনয় কৰিছে। ইয়াৰ উপৰিও প্ৰবীণ অভিনেতা নাগাৰ্জুন আৰু অভিনেত্ৰী মৌনী ৰায়ও ছবিখনত অভিনয় কৰিছে। শ্বাহৰুখ খান আৰু দীপিকা পাডুকনৰ বিশেষ ৰূপতো এই ছবিখনত দেখা পোৱা গৈছে। ছবিখনৰ কাহিনীটো সকলো দৰ্শকে আকোৱালি লৈছে। কিন্তু ছবিখনৰ কাহিনীটোতকৈ অভিনেতাসকলৰ অভিনয়ক দৰ্শকৰ পৰা সমালোচকলৈ অধিক সংখ্যকে শলাগ হৈছে। দেওবাৰেও ব্ৰহ্মাষ্ট্ৰৰ উপাৰ্জন অব্যাহত।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

twenty − twenty =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.